নিউজ ডেস্ক, ২৫ অক্টোবৰঃ অৱশেষত প্ৰশাসনে ছীল কৰিলে বহু বিতৰ্কিত মিঞা মিউজিয়াম। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই গোৱালপাৰা প্ৰশাসনে ছীল কৰিলে বিতৰ্কিত মিঞা মিউজিয়াম।
উল্লেখ্য যে, গোৱালপাৰাৰ লক্ষীপুৰত সোমাবাৰে উন্মোচন কৰা হৈছিল মিউজিয়ামটো। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰত স্থাপন কৰিছিল মিঞা মিউজিয়াম। শিক্ষক এম মোহৰ আলীৰ নামত আছে এই ঘৰটো আৰু মোহৰ আলী মিঞা পৰিষদৰ কেন্দ্ৰীয় সভাপতি।
এই সন্দৰ্ভত অসম মিঞা পৰিষদৰ বিৰুদ্ধে লক্ষীপুৰ থানাত গোচৰ তৰা হৈছে। বিজেপিৰ সংখ্যালঘু মৰ্চাৰ কাৰ্যকৰী সদস্যই তৰিছিল গোচৰ।