গ্ৰেট বৃটেইনৰ নতুন প্ৰধানমন্ত্ৰী ভাৰতীয় মূলৰ ঋষি সোনাক

নিউজ ডেস্ক, ২৫ অক্টোবৰঃ ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত ভাৰতীয় মূলৰ ঋষি সোনাক। অন্তিম মুহূৰ্তত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী পেনী মৰ্ডাণ্টৰ। বিনা প্ৰতিদ্বন্দ্বিতাৰে কনজাৰ্ভেটিভ দলৰ নেতা ৰূপে নিৰ্বাচিত হ’ল ঋষি সোনাক।

১৯২২ চনৰ কমিটিৰ মুৰব্বী ছাৰ গ্ৰেহাম ব্ৰেডিয়ে ফলাফল ঘোষণা কৰাৰ কিছু মিনিট পূৰ্বেই তেওঁক ১৯০ জনতকৈ অধিক সাংসদে সমৰ্থন কৰিছিল। তেওঁৰ প্ৰতিদ্বন্দ্বী পেনি মৰ্ডাউণ্টে ১০০ জন সাংসদৰ সমৰ্থন লাভ কৰাত ব্যৰ্থ হৈছিল যিটো প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী প্ৰতিযোগিতাত প্ৰৱেশ কৰাৰ পূৰ্ব চৰ্ত আৰু তেওঁ প্ৰতিযোগিতাৰ পৰা আঁতৰি গৈছিল।

Daily time axomIndiaInternationalPresident ElectionRishi SunakUnited Kingdom