নিউজ ডেস্ক, ২৫ অক্টোবৰঃ পোহৰৰ উৎসৱ দীপাৱলিৰ আনন্দ উল্লাসৰ মাজতে টিহুৰ মাখিবাহাত ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত সম্পূৰ্ণভাৱে জাহ যায় এটা ঘৰ। মাখিবাহা চ’কৰ দিলীপ ৰাজবংশীৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা । দেৱালীৰ আটচবাজীৰ পৰা সংক্ৰমণ হয় এই অগ্নিকাণ্ড । ঘৰত জুই লাগি পিছত চিলিণ্ডাৰ বিস্ফোৰণ হয় । লগে লগেই দাউদাউ কৈ জ্বলি উঠে সম্পূৰ্ণ ঘৰটো । পিছত অগ্নিনিৰ্ব্বাপক বাহিনীক খবৰ দিয়াত
দুখনকৈ অগ্নিনিৰ্ব্বাপক বাহিনীৰ গাড়ী আৰু ৰাইজৰ সহযোগত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়। অগ্নিকাণ্ডৰ ফলত এটা ঘৰ, এখন বাইক, ছয়খন চাইকেল, দুটা চিলিণ্ডাৰসহ ঘৰৰ বহু সম্পত্তি জুইত জাহ যায় ।
Comments are closed, but trackbacks and pingbacks are open.