নিউজ ডেস্ক, ২৫ অক্টোবৰঃ বাংলাদেশত সামুদ্ৰিক ধুমুহা ছিট্ৰাঙে প্ৰাণ ল’লে ৭জনকৈ লোকৰ। একেটা পৰিয়ালৰ ৩ জনকৈ লোক নিহত। ঢাকাৰ নাগলকোটত সংঘটিত হয় এই ঘটনা। ছিট্ৰাঙৰ বাবে বাংলাদেশত প্ৰবল ধুমহা, বৃষ্টিপাত। ছিট্ৰাঙৰ বাবে খালী কৰা হৈছে কক্সবজাৰ উপকূলীয় অঞ্চল।
দেশখনত ছিট্ৰাঙৰ বাবেই প্ৰৱল বৃষ্টিপাত হোৱাৰ লগতে ধুমুহা বলিছে। অৱশ্যে বাংলাদেশ চৰকাৰে উপকূলীয় অঞ্চলৰ পৰা ছিট্ৰাঙৰ আগমণৰ পূৰ্বেই ২.১৯ লাখৰো অধিক লোকক স্থানান্তৰ কৰিবলৈ সক্ষম হৈছে।
উল্লেখ্য যে, উত্তৰ-বংগোপসাগৰত সৃষ্টি হোৱা ছিট্ৰাং ধুমুহা উত্তৰ-পূবদিশে আগবাঢ়ি যোৱাৰ পিছত সোমবাৰে সাগৰ দ্বীপৰ পৰা ২৬০ কিলোমিটাৰ দক্ষিণ-পূবত আঘাত কৰিছে। ইয়াৰ সমান্তৰালকৈ বতৰ বিজ্ঞান বিভাগে উপকূলীয় বংগ আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছিল।
Comments are closed, but trackbacks and pingbacks are open.