পাক আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই ভাৰতীয় সেনাই জৰুৰী ভিত্তিত ৭৫০খন আধুনিক ড্ৰ’ন ক্ৰয় কৰিছে

শেহতীয়াকৈ পঞ্জাৱ, জম্মুকে ধৰি পাকিস্তান সীমান্তৰে ভাৰতৰ ভূখণ্ডত ইটোৰ পিছত সিটোকৈ ড্ৰ’ন আক্ৰমণ চলি আছে। বহুক্ষেত্ৰত সেই ড্ৰ’নবোৰ বিএছএফে গুলীয়াই ভূপতিত কৰিছে। যোৱা বছৰ জম্মুত সংঘটিত হোৱা বৃহৎ ড্ৰ’ন আক্ৰমণ সন্দৰ্ভত ৰাষ্ট্ৰসংঘত এজাহাৰ দাখিল কৰিছিল ভাৰতে। এইবাৰ সন্ত্ৰাসবাদীৰ ড্ৰ’ন আক্ৰমণ ৰোধ কৰিবলৈ ভাৰতীয় সেনাই জৰুৰী ভিত্তিত ৭৫০ খন ড্ৰ’ন ক্ৰয় কৰিবলৈ ওলাইছে। কোৱা হৈছে যে এল অ’ চিৰ কাষে কাষে সেনাৰ শক্তি বৃদ্ধিৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে।

সেনাৰ সূত্ৰৰ মতে, উন্নত প্ৰযুক্তিৰ ড্ৰ’নে সেনা জোৱানসকলক লক্ষ্যত সঠিকভাৱে আঘাত কৰাত সহায় কৰিব। পাকিস্তানৰ ড্ৰ’নৰ আক্ৰমণ প্ৰতিহত কৰাৰ বাবে ই শেহতীয়া সময়ত সেনাৰ আটাইতকৈ ডাঙৰ পদক্ষেপ বুলি ধাৰণা কৰা হৈছে। মন কৰিবলগীয়া যে এতিয়ালৈকে ভাৰতীয় সেনাই ২৩ খন পাকিস্তানী ড্ৰোন ধ্বংস কৰিছে।

প্ৰসংগক্ৰমে যোৱা জুলাই মাহতো ভাৰতৰ সীমান্ত অঞ্চলত প্ৰৱেশ কৰিছিল পাকিস্তানী ড্ৰ’ন। একেদিনাই দুই ঠাইত ড্ৰ’নৰ আগ্ৰাসনৰ খবৰ আহিছিল। পঞ্জাৱৰ গুৰদাসপুৰ অঞ্চলত প্ৰৱেশ কৰে এখন ড্ৰ’ন। বি এছ এফৰ আক্ৰমণৰ সন্মুখীন হৈ পলায়ন কৰে ড্ৰ’ন খন। আনহাতে, জম্মু-কাশ্মীৰৰ চাম্বা অঞ্চলত আন এখন ড্ৰ’ন প্ৰৱেশ কৰে। দুয়োটা ঠাইতে শক্তিশালী অনুসন্ধান অভিযান চলাই আছে বি এছ এফ।

AssamDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment