বহিঃ ৰাজ্যত সন্ধানহীন ছিপাঝাৰৰ যুৱক

আজি চাৰি দিনে সন্ধান নাই দৰং জিলাৰ ছিপাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত এজন ৩১ বছৰীয়া যুৱকৰ ।
ছিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বুঢ়া গাওঁ পঞ্চায়তৰ এলেকাৰ পদ্মাঝৰ গাঁৱৰ বিপিন কলিতাৰ পুত্ৰ কৃষ্ণ কলিতাৰ আজি প্ৰায় চাৰি দিন ধৰি সন্ধানহীন হৈ আছে। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে দুবছৰ পূৰ্বে বহিৰাজ্যলৈ কামৰ সন্ধানত ওলাই গৈছিল আৰু গোৱাত গাড়ী চালক হিচাপে কাম কৰিছিল । পিতৃৰ অসুস্থতাৰ বাবে ১৮ অক্টোবৰত ঘৰলৈ আহিল যদিও হাওৰা ষ্টেচনৰ পৰা ঘৰলৈ ফোন কৰি দুজন লোকে যুৱকজনক পিছা কৰা বুলি জানিবলৈ দিয়ে আৰু তাৰ পাছৰে পৰা মোবাইল ফোন চুইচ অফ হৈ আছে । কৃষ্ণৰ নিৰুদ্দেশ সম্পৰ্কত এজাহাৰ দাখিল কৰিছে যদিও কোনো সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে। সেয়েহে, পৰিয়ালৰ লোকে বিচাৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ । কোনো সদাশয় লোকে যুৱকজনৰ সন্ধান লাভ কৰিলে 9864259766 নম্বৰত পৰিয়ালটিৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালে।

Assamassam news todaycongress assam newscovid assam newsdaily assam newsDaily time axomIndialatest assam news
Comments (0)
Add Comment