বৰমাৰ বৰজাৰত তিনিদিনীয়া কাৰ্যসূচীৰে ৰাজহুৱা কালী পূজা উদযাপন


পোহৰৰ উৎসৱ দিপাৱলীক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক উৎসাহ চলি থকাৰ মাজতে নলবাৰী জিলাৰ বৰজাৰতো দিপাৱলীৰ লগতে উদযাপন কৰা হৈছে দশম বাৰ্ষিক কালী পূজা।

বিগত বৰ্ষৰ দৰে এইবেলিও তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দশম বাৰ্ষিক বৰজাৰ কালী পুজা উদযাপন কৰা হয় ।

কাৰ্যসুচীৰে আৰম্ভ হোৱা কালী পূজাত এক বিশাল ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয় । কেইবাশতাধিক লোকে ভাগ লোৱা শোভাযাত্ৰাটোত বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিয়ে অংশগ্ৰহণ কৰে । সমাজত চলি থকা অপায় অমংগল দূৰ হোৱাৰ লগতে সমাজত সমন্বয়ৰ এনাজৰীক মজবুত কৰাৰ লক্ষ্যৰে এই শোভাযাত্ৰা উলিওৱা হয়।

AssamDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment