Daily Time Axom

জনপ্ৰিয় দক্ষিণৰ ছবিৰ বিৰুদ্ধে গীত চুৰিৰ অভিযোগ

0 30

মাত্ৰ ১৬ কোটি টকাত নিৰ্মিত দক্ষিণৰ চলচ্চিত্ৰ কান্তৰাই এই পৰ্যন্ত বক্স অফিচৰ পৰা প্ৰায় ২০০ কোটি টকা সংগ্ৰহ কৰিছে। ছবিখনৰ জনপ্ৰিয়তা দেখি নিৰ্মাতাসকলে ছবিখন আন চাৰিটা ভাষাত ডাব কৰে। ছবিখন মুক্তি পোৱাৰ তিনি সপ্তাহৰ পাছত ছবিখনৰ বিৰুদ্ধে গীতৰ ডুপ্লিকেট কৰাৰ অভিযোগ উত্থাপন হৈছিল। ‘থাইককাডুম ব্ৰীজ’ নামৰ কেৰেলাৰ এটা মিউজিক বেণ্ডে অভিযোগ কৰে। সোমবাৰে ছ’চিয়েল মিডিয়াত এই অভিযোগ উত্থাপন কৰে বেণ্ডটোৱে। বেণ্ডটোৱে অভিযোগ কৰিছে যে ছবিখনৰ ‘ভাৰহা ৰূপম’ গীতটো পাঁচ বছৰ পূৰ্বে মুক্তি পোৱা তেওঁলোকৰ ‘নৱৰসাম’ গীতটোৰ পৰা কপি কৰা হৈছে। ইয়াৰ বাবে প্ৰস্তুতকাৰীসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। আৰু এই ক্ষেত্ৰত বেণ্ডটোৱে ইনষ্টাগ্ৰামতো জনসাধাৰণৰ সমৰ্থন বিচাৰিছে।

Leave A Reply

Your email address will not be published.