Daily Time Axom

প্ৰতিকুল বতৰকো নেওচি মাৰ্ঘেৰিটাত কালী পূজা

0 28

সমগ্ৰ ৰাজ্যজুৰি সোমবাৰৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুনেও যেন ম্লান পেলাব পৰা নাই কালী পুজাৰ উৎসাহ উদ্দীপনা। বৰষুণৰ মাজতে ৰাইজ ওলাই আহিছে পূজা দৰ্শনৰ বাবে।এই দৃশ্য মাৰ্ঘেৰিটাৰ।মাৰ্ঘেৰিটাৰ ১নং লাজুম স্থিত কালী মন্দিৰত মঙলবাৰে নিশা এনেদৰে ৰাইজৰ ভিৰ পৰিলক্ষিত হয়।বিগত বৰ্ষসমূহৰ দৰে এইবছৰো কালি পূজা উদৰ্যাপন সমিতিয়ে বিভিন্ন প্ৰতিযোগিতা আয়োজন কৰে। বিশেষকৈ আৰতি আৰু যোগ কলা প্ৰদৰ্শনে ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হয়।পূজা যোগাসনা ষ্টুডিঅ’ৰ যোগ কলাৰ শিক্ষাৰ্থীসকলে ইয়াত বিভিন্ন যোগ কলাৰ প্ৰদৰ্শন কৰে।প্ৰতিকুল বতৰেও যেন ম্লান পেলাব পৰা নাই ৰাইজৰ উৎসাহক।

Leave A Reply

Your email address will not be published.