অৰ্থনীতি পুনৰুদ্ধাৰ কৰাৰ দাবী কেজৰিৰ। তেওঁ কয়, গান্ধীৰ ছবিখন যিদৰে আছে তেনেকৈয়ে থাকিব লাগে, লগতে নোটখনত লক্ষ্মী আৰু গণেশৰ ছবিও ছপা কৰিব লাগে। দীপাৱলীৰ বতৰত দিল্লীৰ মুখ্যমন্ত্ৰীয়ে এই নতুন পৰামৰ্শ আগবঢ়ায়। ইতিমধ্যে কেজৰিৱালৰ ভাষণক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। তেওঁ কৈছিল- দেৱ-দেৱীৰ আশীৰ্বাদেৰে সকলো প্ৰচেষ্টা সফল হ’ব। একে সময়তে তেওঁ কয় যে তেওঁ কেন্দ্ৰীয় চৰকাৰলৈ অনুৰোধ কৰিছে যে নোটৰ এফালে গান্ধীজীৰ ছবিখন ৰাখিব লাগে। কিন্তু আনফালে লক্ষ্মী গণেশৰ ছবিখন ছপা কৰা উচিত।
কেজৰিৱালৰ মতে, এই দুই দেৱতাৰ কৃপাতেই মানুহে সমৃদ্ধিৰ মুখ দেখিবলৈ পায়। তেওঁৰ মতে, দেশৰ সাম্প্ৰতিক পৰিস্থিতিত দেৱ-দেৱীৰ কৃপা অবিহনে আৰ্থিক অগ্ৰগতি সম্ভৱ নহয়। তদুপৰি এই সন্দৰ্ভত দেশৰ প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ লিখিব বুলিও তেওঁ কয়।