বহুতে ভাবে বয়সৰ লগে লগে চকুৰ দৃষ্টিশক্তি কমি যায়। আৰু টেলিভিছন চোৱা বা যিকোনো ডিজিটেল ডিভাইচ বহুদিন ব্যৱহাৰ কৰিলে চকুত হেঁচা পৰে। চকুৰ সমস্যাত এইবোৰ নিঃসন্দেহে গুৰুত্বপূৰ্ণ। কিন্তু সঠিক পুষ্টি আৰু সুস্থ জীৱনশৈলীৰ জৰিয়তে চকুৰ সমস্যাৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস কৰিব পৰা যায়।

কিছুমান বিশেষ ভিটামিন আৰু খনিজ পদাৰ্থ আছে যিয়ে চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰাত সহায় কৰিব পাৰে। উদাহৰণ স্বৰূপে-

শাক-পাচলি আৰু ফল-মূল: সেউজীয়া শাক-পাচলি আৰু হালধীয়া ফল-মূল, শাক-পাচলি ভিটামিন এৰ গুৰুত্বপূৰ্ণ উৎস। নিয়মীয়া খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিলে চকুৰ দৃষ্টিশক্তি প্ৰচণ্ড উন্নতি হ’ব। ভিটামিন এয়ে চকুত পিগমেণ্ট তৈয়াৰ কৰাত সহায় কৰে। একে সময়তে ই চকুৰ আন অংগকো পুষ্টি প্ৰদান কৰে।

ভিটামিন ই আৰু ওমেগা থ্ৰী ফেট: এই দুটা উপাদান চকুৰ বাবে উপকাৰী। গাঢ় সেউজীয়া পাতযুক্ত শাক-পাচলি আৰু সাগৰীয় খাদ্যত ভিটামিন ই আৰু ওমেগা থ্ৰী ফেটি এচিডৰ সমৃদ্ধ উৎস। বয়সৰ লগত জড়িত দৃষ্টিশক্তিৰ ক্ষতি ৰোধ কৰাত সহায় কৰে।

জিংক সমৃদ্ধ খাদ্য: জিংক হৈছে এবিধ খনিজ যিয়ে ৰেটিনা, কোষৰ আৱৰণ, চকুৰ প্ৰটিন গঠনৰ স্বাস্থ্য ৰক্ষা কৰাত সহায় কৰে। ই প্ৰধানকৈ বাদাম, তৈলবীজ, মাংস আৰু কণীত পোৱা যায়।

ভিটামিন চি: ছাইট্ৰিক এচিড সমৃদ্ধ ফল যেনে কমলা, নেমু, সেউজীয়া পাতৰ শাক-পাচলিত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে, যিয়ে চকুক অতিবেঙুনীয়া ৰশ্মি আৰু অক্সিডেটিভ ক্ষতিৰ পৰা ৰক্ষা কৰে।

চকুৰ স্বাস্থ্যৰ বাবে কৰিবলগীয়া অন্যান্য কাম-

১. চকুৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ প্ৰচুৰ পৰিমাণে পানী আৰু পানীয় খাই চকু দুটা আৰ্দ্ৰ বা হাইড্ৰেটেড কৰি ৰাখক।

২. বাহিৰলৈ ওলাই যাওঁতে ছানগ্লাছ পিন্ধিব লাগে কাৰণ অত্যধিক সূৰ্যৰ পোহৰত চকুৰ ছানি পৰা হ’ব পাৰে।

৩. ধূমপানে চকুৰ বাবে ক্ষতিকাৰক হ’ব পাৰে, গতিকে ধূমপান নকৰাটো ভাল। ধূমপানে স্বাস্থ্যৰ ওপৰত আন আন দীৰ্ঘম্যাদী প্ৰভাৱো কৰে।

৪. লেন্স লগোৱাৰ আগতে সদায় হাত ধুব লাগে।

৫. প্ৰতি ২০ মিনিটৰ মূৰে মূৰে ২০ ফুট দূৰৈত থকা বস্তু এটালৈ ২০ ছেকেণ্ডৰ বাবে চাব লাগে যাতে কম্পিউটাৰ ব্যৱহাৰৰ ফলত চকুৰ টান কম হয়।

AssamDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment