জিএছএ ছুপাৰ ডিভিজন ফুটবল লীগ: ৰেলৱেক হৰুৱালে অপ্ৰতিৰোধ্য এএছইবিয়ে

গুৱাহাটী ক্ৰীড়া সন্থাৰ আৰ জি বৰুৱা ছুপাৰ ডিভিজন ফুটবল লীগ ২০২২-২৩ত অপ্ৰতিৰোধ্য ফৰ্ম অব্যাহত ৰাখি এএছইবি এছচিয়ে এনএফ ৰেলৱেক আজি ২-০ গ’লত পৰাস্ত কৰে ৷ আজিৰেপৰা নেহৰু ষ্টেডিয়ামত আৰম্ভ হোৱা দ্বিতীয় লেগৰ খেলৰ প্ৰথমদিনা লীগ টেব্‌লত শীৰ্ষস্থান অধিকাৰ কৰি থকা এএছইবিয়ে ৰেলৱেৰ বিৰুদ্ধে আৰম্ভণিৰেপৰা আক্ৰমণ অব্যাহত ৰাখে আৰু ফৰ্মত থকা ষ্ট্ৰাইকাৰ জিজ্ঞাস ডেকাই ২৮ মিনিটত গ’ল দি দলটোক অগ্ৰগতি দিয়ে ৷ এই লৈ লীগত জিজ্ঞাসৰ গ’লৰ সংখ্যা ৫ হ’লগৈ । ৪৬ মিনিটত দ্বিতীয়টো গ’ল দিয়ে দ্বিজৰাজ বড়োৱে ৷ এই জয়ৰ পাছত এএছইবিয়ে ৮খন মেচত ২৪ পইণ্ট সংগ্ৰহ কৰিলে আৰু দ্বিতীয় স্থানত থকা ছানৰাইজতকৈ সাময়িকভাৱে ১১ পইণ্টৰ অগ্ৰগতি ল’লে ৷ আনহাতে, আজিৰ পৰাজয়ৰ পাছত সৰ্বনিম্ন স্থানত থকা ৰেলৱেৰ বাবে ৰেলিগেচনৰ পৰা হাত সৰাটো আৰু কঠিন হৈ পৰিল ৷ কাইলৈ ছানৰাইজ এচিয়ে গুৱাহাটী টাউন ক্লাবৰ মুখামুখি হ’ব ৷

AssamDaily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment