৩০ বছৰত পিতৃয়ে ৭০ গৰাকী মহিলাক হত্যা কৰিছিল বুলি কন্যাৰ দাবী

আমেৰিকাৰ আইঅ’ৱা ৰাজ্যৰ এগৰাকী মহিলাই দাবী কৰিছে যে তেওঁৰ পিতৃয়ে ৩০ বছৰত প্ৰায় ৭০ গৰাকী মহিলাক হত্যা কৰিছিল।

এই ভয়ংকৰ অভিযোগটো ইয়াতেই শেষ নহয়। লুচি ষ্টুডি নামৰ মহিলাগৰাকীয়ে লগতে কয় যে তেওঁ আৰু তেওঁৰ ভাতৃ-ভগ্নীয়ে তেওঁৰ পিতৃ ড’নাল্ড ডিন ষ্টুডিক মৃতদেহবোৰ সমাধিস্থ কৰাত সহায় কৰিছিল।

লুচিয়ে কয় যে মই জানো যে মৃতদেহবোৰ ক’ত পুতি থোৱা হৈছে।
লুচিয়ে উল্লেখ কৰা স্থানত এটা প্ৰশিক্ষিত কুকুৰে অৱশিষ্টখিনি চিনাক্ত কৰে।

২০১৩ চনত ৭৫ বছৰ বয়সত মৃত্যু হয় ড’নাল্ডৰ। লুচিৰ মতে, হত্যাকাণ্ডৰ পিছত পিতৃয়ে তেওঁলোকক জোৰ কৰি মৃতদেহটো ঠেলাগাড়ীত বা স্লেজেৰে কুঁৱা বা ওচৰৰ পাহাৰলৈ লৈ যাব দিছিল।

লুচিয়ে কয় যে দেউতাকে মৃতদেহবোৰ কুঁৱাটোত পেলাই দিছিল।

লুচিৰ মতে, ওচৰৰ ১০০ ফুট দ’ কুঁৱাত বহু মৃতদেহ পেলাই দিয়া হৈছিল। দেউতাকে প্ৰতিটো হত্যাৰ চিন হিচাপে এটা সোণৰ দাঁত ৰাখিছিল।

এতিয়া লুচিৰ দাবীৰ সত্যতা পৰীক্ষা কৰাৰ বাবে অধিক তদন্ত চলি আছে। লুচিয়ে বৰ্ণনা কৰা স্থানত প্ৰশিক্ষিত কুকুৰৰ সৈতে অনুসন্ধান চলোৱা হৈছিল। কুঁৱাৰ অঞ্চলটোৱে পচি যোৱা অৱশিষ্টৰ সম্ভাৱ্য অস্তিত্বৰ ইংগিত দিছিল।

দোষী সাব্যস্ত হ’লে ড’নাল্ড হ’ব আমেৰিকাৰ ইতিহাসৰ আটাইতকৈ কুখ্যাত ছিৰিয়েল কিলাৰ।

দেশৰ দুজন কুখ্যাত ছিৰিয়েল কিলাৰ হৈছে জেফ্ৰি ডাহমাৰ আৰু টেড বাণ্ডী। ধৰা পৰাৰ পূৰ্বে ছিৰিয়েল কিলাৰ আৰু কেনিবেল জেফ্ৰিয়ে ১৭ জন লোকক হত্যা কৰিছিল। আৰু টেডে ৩৬ জন লোকক হত্যা কৰা বুলি অনুমান কৰা হৈছে।

লুচিয়ে ক’লে, সৰ্বোপৰি তাই বিচাৰে যে সমাধিস্থলবোৰ খনন কৰা হওক। অঞ্চলটো জনসাধাৰণৰ বাবে বন্ধ কৰি ৰাখিব লাগে। এই মহিলাসকলক সঠিকভাৱে সমাধিস্থ কৰা হওক।

AssamDaily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment