আজি আঠানি অঞ্চলত ১০৬০নং বগৰিবাৰী বাংলা এল পি স্কুলত এখন ৰাজহুৱা সভা অনুষ্ঠিত হোৱা পৰিলক্ষিত হয়।উল্লেখযোগ্য যে বিলাসীপাৰা মহকুমাখন জিলালৈ উন্নতিকৰণৰ বাবে দাবী তীব্রতৰ কৰি তুলিছে তেনে সময়তে আঠানি অঞ্চলৰ গণ্য মান্য বুদ্ধিজীৱিসকলে একেলগ হৈ আঠানি ৰাজহ চক্ৰ এলেকাখিনি মহকুমা হিচাবে ঘোষণা কৰাৰ দাবীৰে আজি এই ৰাজহুৱা সভাত প্ৰস্তাৱ গ্ৰহণ কৰা হয়।
উক্ত ৰাজহুৱা সভাখন সভাপতিত্ব কৰে অপৰেশ দাসে।
সভাখনত উপস্থিত থাকে আৰ্ট অফ লিভিং আশ্ৰম সত্ৰাধিকাৰি অচ্যুত ব্ৰহ্মচাৰী গুৰুজী, বি জি পিৰ বিলাসীপাৰা জিলা সমিতিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি ডঃ আবু বক্কাৰ ছিদ্দিক, জৰুৱা বন্দিহানা আঞ্চলিক পঞ্চায়তৰ সভাপতি ৰবিউল আৱাল মোল্লা, অধ্যাপক মালেক মহিবুল হক, অৱসৰ প্ৰাপ্ত শিক্ষক সকল লগতে আঠানি অঞ্চলৰ গণ্য মান্য ব্যক্তি সকল।
আজি ৰাজহুৱা সভাত এখন আঠানি মহকুমা দাবী সমিতি গঠন কৰিব লাগে বুলি প্ৰস্তাৱ গ্ৰহণ কৰে।
আঠানি মহকুমা দাবী সমিতি খন সভাপতি অপৰেশ দাস, সাধাৰণ সম্পাদক ডঃ আবু বক্কৰ ছিদ্দিকক লৈ মুঠ ৩১জনীয়া সমিতি গঠন কৰে বুলি জানিব পৰা গৈছে।