Daily Time Axom

কলেজৰ পিছত ব্যৱসায়, ৫ বছৰত ৭০ হাজাৰ কোটি টকাৰ মালিক

0 48

কঠোৰ পৰিশ্ৰম কৰাৰ মানসিকতা আৰু লক্ষ্য নিৰ্ধাৰিত হ’লে সফলতাই অনুসৰণ কৰিবই। এই কাহিনী OYO ৰ প্ৰতিষ্ঠাপক ৰিতেশ আগৰৱালাৰ বৰ্তমান সম্পত্তিৰ প্ৰায় ৭০ হাজাৰ কোটি টকা! ৰিতেশৰ দ্বাৰা বিকশিত OYO হৈছে আজিৰ বিশ্বৰ কেইটামান জনপ্ৰিয় হোটেল বুকিং এপ। সুলভ মূল্যত হোটেল বিচাৰি পোৱাৰ একমাত্ৰ উপায় OYO app ।

ৰিতেশে ৮ বছৰ বয়সৰ পৰাই ক’ডিঙৰ প্ৰতি আগ্ৰহী আছিল।১৬ বছৰ বয়সত টিআইএফআৰ (টাটা ইনষ্টিটিউট অৱ ফাউণ্ডেমেণ্টেল ৰিচাৰ্চ)ৰ উদ্যোগত অনুষ্ঠিত এছিয়ান ছায়েন্স কেম্পৰ বাবে তেওঁ নিৰ্বাচিত হৈছিল। তাৰ পিছত ১৭ বছৰ বয়সত তেওঁ নিজৰ ব্যৱসায়িক ধাৰণাটো কাৰ্যকৰী কৰি ১৮ বছৰ বয়সত কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া হয়।

ভ্ৰমণ কৰি থাকোঁতে ৰিতেশে এই ব্যৱসায়ৰ ধাৰণাটো লৈছিল। কিয়নো তেওঁ দেখিছিল বেছিভাগ সময়তে সস্তীয়া হোটেল পোৱা নাছিল বা উপলব্ধ হ’লেও হোটেলখনৰ অৱস্থা অতি বেয়া আছিল।

তেওঁৰ লক্ষ্য আছিল এনে এটা মডেল তৈয়াৰ কৰা যিয়ে ভ্ৰমণৰ সময়ত সস্তীয়া হোটেলত থকাৰ ব্যৱস্থা কৰিব। ১৮ বছৰ বয়সত ৰিতেশে “অৰাভাল-ষ্টে” নামেৰে এটা কোম্পানী খুলিছিল। এই কোম্পানীটোৰ একমাত্ৰ উদ্দেশ্য আছিল যাত্ৰীসকলক কম দামত কম সময়ৰ বাবে হোটেল প্ৰদান কৰা। ইফালে বিশ্বব্যাপী প্ৰতিযোগিতাত জয়লাভ কৰি ৬৬ লাখ টকা লাভ কৰে। সকলো টকা তেওঁ নিজৰ কোম্পানীত বিনিয়োগ কৰে। কিন্তু দুৰ্ভাগ্যজনকভাৱে ব্যৱসায়িক মডেলটোৱে আকাংক্ষিত লাভ দিব নোৱাৰিলে যাৰ বাবে “অৰেভেল-ষ্টে” কোম্পানীটোৱে ক্ৰমান্বয়ে লোকচানত পৰিল।

তথাপিও ৰিতেশে হাৰ নামানিলে। নতুনকৈ প্ৰতিষ্ঠা কৰা “OYO ৰুম”। এই OYO ৰুমসমূহৰ লক্ষ্য কেৱল হোটেলত ৰুম বিচৰা ভ্ৰমণকাৰীসকলৰ বাবেই নহয়, হোটেলখনত প্ৰদান কৰা সকলো সুবিধাৰ মানদণ্ডৰ যত্ন লোৱাৰ বাবেও। মাত্ৰ ১০ মাহৰ পিছত কোম্পানীটোৰ মূল্য হ’ল ৮ কোটি ডলাৰ। লাইটস্পীড ভেঞ্চাৰ পাৰ্টনাৰ্ছে চেকুয়া কেপিটেলৰ সহযোগত ৰিতেছৰ কোম্পানীত আৰু ৩৬ কোটি বিনিয়োগ কৰে। ইয়াৰ পিছত কোম্পানীটোৱে এটাৰ পিছত এটাকৈ ফাণ্ড লাভ কৰে।

OYO Rooms আজি ১৫০০০ তকৈ অধিক হোটেলৰ শৃংখল আৰু ১,০০০,০০০ তকৈ অধিক ৰুম থকা দেশৰ সৰ্ববৃহৎ কোম্পানীত পৰিণত হৈছে। যদিও এই সময়ত আন বহুতো কোম্পানীয়ে একেটা মডেল লৈ আগবাঢ়ি আহিছে কিন্তু তেওঁলোকে OYO Room ৰ সন্মুখত থিয় দিব পৰা নাই।

Leave A Reply

Your email address will not be published.