শোনিতপুৰ জিলাৰ জামুগুৰিহাটত উলহ মালহেৰে ভাতৃ দ্বিতীয়া পালন কৰে গোৰ্খা জনগোষ্ঠীৰ লোকসকলে ।
দীপাৱলীক লৈ যি সময়ত সমগ্ৰ ভাৰত তথা অসমত উৎসৱমুখৰ পৰিৱেশ অব্যাহত আছে । সেই সময়তে গোৰ্খা জনগোষ্ঠীৰ লোকসকলে নিজস্ব পৰম্পৰাৰে দীপাৱলীৰ লগতে পাঁচদিনীয়াকৈ তিহাৰ উৎসৱ পালন কৰা পৰিলক্ষিত হৈছে । এই তিহাৰ উৎসৱৰ আজি অন্তিম দিনত ভাতৃ দ্বিতীয়া বহু উলহ মালহেৰে পালন কৰি ইয়াক বিদায় জনাইছে ।
এই উৎসৱত গোৰ্খা জনগোষ্ঠীৰ লোকসকলৰ ভাতৃ সকলে নিজৰ জেষ্ঠ্য তথা কণিষ্ঠ ভগ্নীৰ হাতৰ পৰা ফোট লয় । ইয়াৰ বাবেই এই নিৰ্দিষ্ট দিনটোত বহু দূৰ দূৰণিৰ পৰা অহা ভাতৃ ভগ্নী সকল একেলগ হৈ পৰস্পৰে পৰস্পৰক ফোট দি উপহাৰ আদান প্ৰদান কৰি নিৰোগী, দীৰ্ঘায়ু হোৱাৰ কামনাৰে আশীৰ্বাদ দি আনন্দ উৎসৱ পালন কৰে ।
Next Post