জিম্বাবুৱেৰ ক্ৰিকেট দলে টছত জয়লাভ কৰি পাকিস্তানৰ বিৰুদ্ধে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। অষ্ট্ৰেলিয়াৰ পাৰ্থত অনুষ্ঠিত হৈছে এই মেচখন।
এই মেচখনৰ পূৰ্বে পাকিস্তানে প্ৰথমখন মেচত ভাৰতৰ বিৰুদ্ধে পৰাস্ত হৈছিল। সেয়ে বাবৰ আজম নেতৃত্বাধীন দলটোৱে টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত জীয়াই থাকিব বিচাৰিলে জয়ৰ বাহিৰে আন উপায় নাই।
আনহাতে, ছুপাৰ টুৱেলভত প্ৰথমখন মেচত নিৰ্ণায়ক পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় জিম্বাবুৱে। কিন্তু বৰষুণৰ ফলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে জিম্বাবুৱেই লাভ কৰে ১ পইণ্ট।