Daily Time Axom

নিপন গোস্বামীৰ মৃত্যুত অসম নাট্য সন্মিলনৰ শোক প্ৰকাশ

0 33

১৯৪৭ চনত জন্ম গ্ৰহণ কৰা অসমীয়া চলচিত্ৰ আৰু মঞ্চ জগতৰ বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ মৃত্যুত অসম নাট্য সন্মিলনে গভীৰ শোক প্ৰকাশ কৰিছে। অসম নাট্য সন্মিলনৰ সভাপতি কুমাৰ দীপক দাস, প্ৰধান সম্পাদক গিৰিধৰ দাস আৰু প্ৰাক্তন সম্পাদক যুগান্ত বায়নে প্ৰকাশ কৰা এটা শোক বাৰ্তাত গোস্বামীৰ মৃত্যুৱে অসমীয়া কথা ছবি আৰু মঞ্চ জগতৰ এক অপুৰণিয় ক্ষতি আনিলে বুলি অভিহিত কৰিছে। অসম নাট্য সন্মিলনে অসমৰ বিভিন্ন স্তৰৰ শিল্পী, অভিনেতা আৰু কলাকুশলী সকলে যাতে চিকিৎসাৰ খৰচকে ধৰি অন্যান্য সমস্যাৰ সন্মুখীন হ’লে আৰ্থিক সংকট ভুগিবলগীয়া নহয় তাৰ বাবে এক শিল্পী সাহাৰ্য পুঁজি গঠন কৰাৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনাইছে।

Leave A Reply

Your email address will not be published.