জৱাহৰলাল নেহৰুৰ সকলো দোষ!

কাশ্মীৰী পণ্ডিতৰ ওপৰত আক্ৰমণ, নেহৰুৰ দোষ! কাশ্মীৰ উপত্যকা ত্যাগ কৰিবলৈ আৰম্ভ কৰিছে কাশ্মীৰ উপত্যকাত ধাৰাবাহিকভাৱে সংঘটিত হোৱা বাছনিমূলক সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে। নব্বৈৰ দশকত কাশ্মীৰী পণ্ডিতসকলৰ ওপৰত হোৱা আক্ৰমণৰ পিছত ভূমি এৰি নোযোৱা শোপিয়ানৰ পৰিয়ালসমূহে এতিয়া উপত্যকা এৰি যাবলৈ ধৰিছে। এই সন্দৰ্ভত আজি বিৰোধীৰ প্ৰশ্নৰ সন্মুখত মোদী চৰকাৰৰ আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে কাশ্মীৰৰ সকলো সমস্যাৰ বাবে জৱাহৰলাল নেহৰুক জগৰীয়া কৰে। কাশ্মীৰী পণ্ডিতসকলৰ দুৰ্দশাক লৈ আজি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মোদী চৰকাৰক লক্ষ্য কৰি লয়। ৰাহুলে কয় যে এই বছৰ কাশ্মীৰত ৩০ জন লোকক নিৰ্বাচিতভাৱে হত্যা কৰা হৈছে। কাশ্মীৰী পণ্ডিত সকলে অঞ্চলটোৰ পৰা পলায়ন কৰাৰ ঘটনা বৃদ্ধি পাইছে। বিজেপিয়ে নষ্ট কৰিলে ইউ পি এ চৰকাৰৰ ভাল কাম। পি এম মোদীয়ে ক্ষমতালৈ অহাৰ আগতে ডাঙৰ ডাঙৰ কথা পাতিছিল। কিন্তু তেওঁ এতিয়া ক্ষমতাত আছে আৰু কাশ্মীৰী পণ্ডিতসকল নিজ দেশতে শৰণাৰ্থী।’’ আজি কংগ্ৰেছে কাশ্মীৰী পণ্ডিতসকলৰ বিষয়টোক লৈ মোদী চৰকাৰে এখন শ্বেতপত্ৰ প্ৰকাশ কৰিবলৈ দাবী জনায়। ৰাষ্ট্ৰীয় সন্মিলনৰ নেতা ফাৰুক আব্দুল্লাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ হস্তক্ষেপৰ দাবী জনায়। তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ নকৰিলে কাশ্মীৰ ১০০ শতাংশ হিন্দুমুক্ত হ’ব বুলি আশংকা কৰি এই সন্দৰ্ভত সৰ্বদলীয় বৈঠক আহ্বান কৰাৰো দাবী উত্থাপন কৰে। আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যৰ গৃহমন্ত্ৰীসকলৰ সৈতে এক বৈঠকত দাবী কৰে যে ২০১৯ চনৰ ৫ আগষ্টত ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ পিছত কাশ্মীৰত শান্তি আৰু উন্নয়নৰ এক নতুন অধ্যায় আৰম্ভ হৈছে। ২০১৯ চনৰ ৫ আগষ্টৰ আগৰ ৩৭ মাহ আৰু তাৰ পিছৰ ৩৭ মাহৰ তুলনাত সন্ত্ৰাসবাদী আক্ৰমণ ৩৪ শতাংশ হ্ৰাস পাইছে। নিৰাপত্তা বাহিনীৰ জোৱানৰ মৃত্যুৰ সংখ্যাও ৫৪ শতাংশ হ্ৰাস পাইছে। আইন মন্ত্ৰী ৰিজিজুৰ দাবী যে কাশ্মীৰৰ সমস্যাটো নেহৰুৱে সৃষ্টি কৰিছে। তেওঁৰ পাঁচটা ভুলৰ বাবেই কাশ্মীৰৰ সমস্যাৰ সৃষ্টি হৈছিল। যাৰ বাবে অগণন লোকৰ মৃত্যু হ’বলগীয়া হৈছিল। এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেই সকলোবোৰ ভুল শুধৰাই দিছে। কংগ্ৰেছে আজি প্ৰতিবাদ কৰি কয় যে মোদী চৰকাৰৰ ৭০ জন মন্ত্ৰী জনসংযোগ আৰু প্ৰচাৰৰ বাবে কাশ্মীৰলৈ গৈছে। ইয়াৰে কোনোবা কাশ্মীৰী পণ্ডিতৰ শিবিৰলৈ গৈছেনে? কংগ্ৰেছৰ মুখপাত্ৰ পৱন খেৰাই অভিযোগ কৰে যে চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা অক্টোবৰলৈকে ৩০ জন কাশ্মীৰী পণ্ডিতক নিৰ্বাচিতভাৱে হত্যা কৰা হৈছিল। প্ৰাণৰ আশংকাত কাশ্মীৰী পণ্ডিতসকলে নিজৰ অঞ্চলৰ পৰা পলায়ন কৰিছে। চৰকাৰী কৰ্মচাৰীক পুনৰ ঘূৰি যোৱাৰ ভাবুকি দিয়া হৈছে। মোদী চৰকাৰে যোৱা ৮ বছৰত কাশ্মীৰী পণ্ডিতসকলৰ বাবে কি কৰিছে আৰু কি কৰা নাই সেই কথা উল্লেখ কৰি এখন শ্বেতপত্ৰ প্ৰকাশ কৰাৰো দাবী জনায়। ১৫ অক্টোবৰত শোপিয়ানত সন্ত্ৰাসবাদীৰ আক্ৰমণত কাশ্মীৰী পণ্ডিত মান কৃষ্ণ ভাট নিহত হৈছিল। ১৮ অক্টোবৰত শোপিয়ানত গ্ৰেনেড আক্ৰমণত মনিষ কুমাৰ আৰু ৰামসাগৰে প্ৰাণ হেৰুৱাইছিল। নিৰন্তৰ আক্ৰমণৰ বাবে কাশ্মীৰী পণ্ডিতসকলে ঘৰৰ পৰা ওলাই যাবলৈ আৰম্ভ কৰিছে। অৱশ্যে জিলা প্ৰশাসনে এই কথা অস্বীকাৰ কৰে। আজি গৃহমন্ত্ৰী অমিত শ্বাহে দাবী কৰে যে ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ পিছত হিংসাত্মক পৰিস্থিতি কমিছে, কিন্তু পৱন খেৰাৰ প্ৰশ্ন আছিল, “৩০ জন লোকক হত্যা কৰাৰ ক্ষেত্ৰত চৰকাৰে ব্যাখ্যা দিব লাগিব।” এইটো কেনেকৈ স্বাভাৱিক হ’ব পাৰে?” কাশ্মীৰ সমস্যাৰ বাবে নেহৰুক দোষাৰোপ কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি খেৰাই কয় যে, ‘বিজেপিৰ নেতাসকল হোৱাটছএপ নাৰ্চাৰীৰ ছাত্ৰ। তেওঁলোকে আকৌ বুৰঞ্জী পঢ়িব লাগিব। কেতিয়াবা নেহৰু, কেতিয়াবা ইন্দিৰা গান্ধী, কেতিয়াবা পি ভি নৰসিংহ ৰাও বা মনমোহন সিং, এটা বা আন এটা কথাৰ বাবে এজন ব্যক্তিক দোষাৰোপ কৰাটো সহজ। কিন্তু মোদী চৰকাৰৰ শাসনত থকা ৮ বছৰ হ’ল৷ মনমোহন সিঙৰ দিনত কাশ্মীৰী পণ্ডিতক লক্ষ্য কৰি হত্যা কৰা বন্ধ হৈছিল। নিৰ্বাচনত ৭৫ শতাংশ লোকে অংশ লৈছিল। এতিয়া কাশ্মীৰী পণ্ডিত সকলৰ বাবে মোদী চৰকাৰে কি কৰিছে? তেওঁলোকক ৰক্ষা কৰা নাই কিয়? কিয় নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰি?” খেৰাই কয় যে ১৯৮৯ চনত বিজেপি সমৰ্থিত ভিপি সিং চৰকাৰৰ সময়ত কাশ্মীৰী পণ্ডিতসকলে প্ৰথমবাৰৰ বাবে ঘৰ এৰি যাবলৈ বাধ্য হৈছিল। এতিয়া বিজেপিৰ শাসনত পুনৰ ঘৰ এৰি যাবলগীয়া হৈছে।
AssamDaily time axomGuwahatiIndiaInternationalNew Delhi
Comments (0)
Add Comment