নোৰাক অশোভনীয়ভাৱে কোনে স্পৰ্শ কৰিলে

টেৰেন্স লুইচ বা নোৰা ফাতেহিৰেও কি হৈছিল কথাটো সঠিকভাৱে মনত পেলাব পৰা নাই। টেৰেন্সে দাবী কৰি কয় যে কিছুমান মুহূৰ্ত ‘হাতৰ পৰা ওলাই যায়’। এয়াও হৈছে।

‘ইণ্ডিয়াৰ বেষ্ট ডান্সাৰ’ৰ চেটৰ পৰা তেওঁলোকৰ এটা ভিডিঅ’ যোৱা বছৰ ভাইৰেল হৈছিল। য’ত নৃত্য পৰিচালক আৰু নৃত্যশিল্পীগৰাকীক ‘আপত্তিজনক’ অৱস্থাত দেখা গৈছিল।

অভিযোগ কৰা হৈছিল যে টেৰেন্সে নোৰাক অশোভনীয়ভাৱে স্পৰ্শ কৰিছিল। নেটডুনিয়াত সেই ভিডিঅ’টোৰ বিৰুদ্ধে বহুতে মাত মাতিছিল। টেৰেন্সে কয় যে বহুতে ব্যক্তিগত মেছেজযোগে ঘৃণা প্ৰকাশ কৰিছে। লগতে তেওঁ কয় যে ভিডিঅ’টোৰ ভুল ব্যাখ্যা কৰা হৈছে।

শেহতীয়াকৈ মনীষ পালৰ প’ডকাষ্টত পুনৰ বিষয়টো উত্থাপন হৈছে। টেৰেন্সে কয় যে এইটো এটা অতি স্বাভাৱিক পৰিস্থিতি। মানুহে কিয় জটিল কৰি তুলিছে মই বুজি নাপাওঁ। মই ইচ্ছাকৃতভাৱে একো কৰা নাই।

নৃত্য পৰিচালকজনে আৰু কয়, সকলোৱে বিকৃতকৈ ভিডিঅ’টো চোৱাৰ অৰ্থ কি! নোৰাৰ লগত বহুবাৰ ঘনিষ্ঠভাৱে নাচিছিলো। তাৰ মাজৰ পৰা এটা ভিডিঅ’ ক্লিপ লৈ ইমান ‘লেতেৰা’কৈ প্ৰচাৰ কৰাৰ অৰ্থ কি বুজিব পৰা নাই। তেওঁৰ দাবী, “নোৰা আৰু মই এই বিষয়ে কথা পাতি বহুত হাঁহিলোঁ! কি হ’ল আমিও নাজানো।”

AssambollywoodDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment