ইলন মাস্কৰ মালিকাধীন টুইটাৰ: বৰ্খাস্ত কৰিলে মুখ্য কাৰ্যবাহী বিষয়া পৰাগ আগৰৱালক

নিউজ ডেস্ক, ২৮ অক্টোবৰঃ জনপ্ৰিয় মাইক্ৰ’ব্লগিং প্লেটফৰ্ম টুইটাৰে টেছলা আৰু স্পেচএক্সত যোগদান কৰিছে আৰু এতিয়া এই টুইটাৰ ইলন মাস্কৰ মালিকানাধীন।

তেওঁ টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়াসহ কেইবাগৰাকী শীৰ্ষ বিষষাক বৰ্খাস্ত কৰে।এই বিষয়া সকলৰ ভিতৰত আছে মুখ্য কাৰ্যবাহী বিষয়া পৰাগ আগৰৱাল, যাক যোৱা বছৰ নৱেম্বৰত কোম্পানীৰ সহ-প্ৰতিষ্ঠাপক জেক ডৰ্চে এই পদত নিযুক্তি দিছিল।

ভাৰতীয় মুখ্য কাৰ্যবাহী বিষয়া গৰাকীৰ উপৰিও মাস্কে বিজয়া গাড্ডে আৰু আৰু দুজন শীৰ্ষ বিষয়াক বৰ্খাস্ত কৰে। নিউয়ৰ্ক টাইমছে এক প্ৰতিবেদনত কৈছিল যে মাস্কে বৃহস্পতিবাৰে টুইটাৰ ক্ৰয় কৰিবলৈ ৪৪ বিলিয়ন ডলাৰৰ চুক্তি বদ্ধ কৰিছিল।

জানিব পৰা মতে পৰাগ আগৰৱালে আনুমানিক ৪২ মিলিয়ন ডলাৰ লাভ কৰিব। কিয়নো তেওঁক ছ’চিয়েল মিডিয়া কোম্পানীটোত ১২ মাহৰ ভিতৰত তেওঁক বৰ্খাস্ত কৰা হৈছে।

CEO Parag AgrawalDaily time axomElon MuskInternationalTwitter