নিউজ ডেস্ক, ২৮ অক্টোবৰঃ ব্ৰিটেইনৰ নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰীলৈ ফোন নৰেন্দ্ৰ মোদীৰ। ঋষি সোনাকৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সোনাকক শুভেচ্ছা জ্ঞাপন কৰে মোদীয়ে। ভাৰত-ব্ৰিটেইনৰ বাণিজ্যিক চুক্তি সন্দৰ্ভতো আলোচনা কৰা হয়। দুয়ো দেশৰ সম্বন্ধ শক্তিশালী কৰাৰ ওপৰত আলোকপাত। এই কথা টুইটাৰযোগে সদৰী কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটৰ পিছতে ঋষি সোনাকৰো টুইট। ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক ধন্যবাদ ঋষি সোনাকৰ। ভাৰতৰ সৈতে একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি। নিৰাপত্তা, প্ৰতিৰক্ষা, অৰ্থনৈতিক দিশত একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি।