চিত্ৰশিল্পী নীলপৱন বৰুৱা আৰু নাই

নিউজ ডেস্ক, ২৮ অক্টোবৰঃ ৰাজ্যবাসীৰ বাবে আন এক দুঃখবৰ। চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ শেষ নিশ্বাস ত্যাগ।GMCH ত বিয়লি ৩.১৫ বজাত ইহলীলা সম্বৰণ চিত্ৰশিল্পী গৰাকীৰ।

২২ ছেপ্তেম্বৰৰ পৰা গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসাধীন হৈ আছিল নীলপৱন বৰুৱা। ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে প্ৰখ্যাত চিত্ৰশিল্পীগৰাকীয়ে। মঙলবাৰৰ পৰা ভেণ্টিলেশ্যনত আছিল বিশিষ্ট চিত্ৰশিল্পীগৰাকী।

বিশিষ্ট চিত্ৰশিল্পী গৰাকীৰ মৃত্যু অসমবাসীৰ বাবে এক অপূৰণীয় ক্ষতি। কিন্তু অসমৰ ৰাইজক তেওঁ যি দি গ’ল সেয়া সদায় অতুলনীয় হৈ ৰ’ব। তেঁওৰ মৃত্যুত সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পৰিছে।

AssamDaily time axomDeathGuwahatiIndiaNilpaban Baruah