নিউজ ডেস্ক, ২৮ অক্টোবৰঃ আজি সম্পন্ন হ’ব যশস্বী অভিনেতা নিপন গোস্বামীৰ অন্ত্যেষ্টিক্ৰিয়া। দিনৰ ১১ বজাত ৰাজ্যিক মৰ্যাদাৰে নৱগ্ৰহ শ্মশানত হ’ব শেষকৃত্য। দীঘলীপুখুৰী পাৰত অন্তিম শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা কৰা হৈছে। আনহাতে সুধাকণ্ঠৰ প্ৰতিমূৰ্তিৰ কাষতো জনোৱা হ’ব শ্ৰদ্ধাঞ্জলি।
বৃহস্পতিবাৰে পুৱা ৯.১৫ বজাত ইহলীলা সম্বৰণ কৰিছিল বিশিষ্ট অভিনেতা নিপন গোস্বামীয়ে। অভিনেতা গৰাকীৰ মৃত্যুক শোকৰ ছা পৰিছে সমগ্ৰ ৰাজ্যতে।