Daily Time Axom

ঋষভ পন্থ এতিয়া অতীত? উৰ্বশী আন এজনৰ প্ৰেমত মছগুল !

0 31

বলীউডৰ অভিনেত্ৰী উৰ্বশী ৰাউটেলা আৰু ক্ৰিকেটাৰ ঋষভ পণ্টক লৈ চলি থকা উৰাবাতৰি বন্ধ হোৱা নাই। ছ’চিয়েল মিডিয়াত উৰ্বশীয়ে যিয়েই নকৰক কিয়, নেটিজেনে কেনেবাকৈ ঋষভ পন্থৰ বিষয়টো উত্থাপন কৰিবই। যদিও প্ৰথমে এইবোৰ কথাকে লৈ উৰ্বশী চিন্তিত আছিল, কিন্তু শেহতীয়াকৈ তেওঁ এই উৰাবাতৰিৰ প্ৰতি গুৰুত্ব দিয়া নাই। আনহাতে, শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে নেটিজেনক মুখ বন্ধ কৰিবলৈ যি কৰিলে, সকলো আচৰিত!

উৰ্বশীয়ে বিভিন্ন পোষ্টত হেচটেগ হিচাপে আৰ পি লিখিছিল। নেটিজেনে ধৰি লৈছিল যে এই আৰ পি আচলতে ঋষভ পন্থ। কিন্তু উৰ্বশীয়ে নিজেই নেটিজেনৰ চিন্তাত পানী ঢালি দিলে।

উৰ্বশীয়ে কি কৰিলে?

ছ’চিয়েল মিডিয়াত উৰ্বশীয়ে দক্ষিণৰ তাৰকা ৰাম পন্থিনেনীৰ সৈতে এখন ছবি পোষ্ট কৰে। হেচটেগটোত তেওঁ লিখিছে প্ৰেমৰ বিষয়ে।

যথেষ্ট দিনৰ পৰা ঋষভ আৰু উৰ্বশীৰ সম্পৰ্কক লৈ জল্পনা-কল্পনা চলি আহিছে। যদিও ২০১৮ চনত তেওঁলোকৰ মাজত সম্পৰ্ক আছিল, তথাপিও সেই সম্পৰ্ক বেছি দিন নাথাকিল। পিছত ঋষভে ঈশা নেগীৰ সৈতে থকা সম্পৰ্ক সকলোৰে সন্মুখত প্ৰকাশ কৰে।

এতিয়া বেছিভাগ মানুহেই ভাবে যে উৰ্বশীয়ে নিজৰ প্ৰেম প্ৰকাশ কৰি সঠিক কাম কৰি আছে। কিছুমানে ভাবে যে উৰ্বশীয়ে এইদৰে ঋষভৰ মানসিক সংযোগক বিঘ্নিত কৰিছে। কিন্তু এই বিষয়ত কোনো সঁহাৰি নিদিলে ঋষভে। অৱশ্যে আগন্তুক দিনত তেওঁলোকৰ সম্পৰ্কক লৈ জল্পনা-কল্পনা বৃদ্ধি পাব বুলি নেটিজেনসকলৰ মতে।

Leave A Reply

Your email address will not be published.