‘মহান দেশপ্ৰেমিক’, পুটিনৰ মুখত মোডী বন্দনা
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰিছে।

পুটিনে মোডীক “মহান দেশপ্ৰেমিক” বুলি অভিহিত কৰে। প্ৰসংগক্ৰমে মস্কোৰ ভালডাই ক্লাবত অনুষ্ঠিত এখন সন্মিলনত ভাষণ দি আছিল পুটিনে। সেই ভাষণত পুটিনে কৈছিল, ‘প্ৰধানমন্ত্ৰী মোডী এজন মহান দেশপ্ৰেমিক। তেওঁ স্বতন্ত্ৰ বৈদেশিক নীতি প্ৰণয়ন কৰিবলৈ সক্ষম হৈছিল। মই নিশ্চিত যে ভাৰতৰ ভবিষ্যত অতি উজ্জ্বল। সমগ্ৰ বিশ্বতে ভাৰতৰ ভূমিকা বহল হৈ আহিছে।মোদীৰ নেতৃত্বত ‘মেক ইন ইণ্ডিয়া’ৰ দৃষ্টিভংগীকো প্ৰশংসা কৰে পুটিনে। দুয়োখন দেশৰ সম্পৰ্ক সন্দৰ্ভত পুটিনে কয় যে, ‘আমাৰ মাজত এক বিশেষ বন্ধন আছে। আমি কেতিয়াও কোনো সমস্যাৰ সন্মুখীন হ’বলগীয়া হোৱা নাছিল। আমি সদায় ইজনে সিজনক সমৰ্থন কৰি আহিছো। এতিয়াও সেইটো কৰি আছে। আশা কৰোঁ ভৱিষ্যতেও একেই হ’ব।ভাৰতৰ প্ৰশংসা কৰাৰ উপৰিও পুটিনে আমেৰিকা আৰু পশ্চিমীয়া দেশসমূহৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰি কয় যে, “আমেৰিকাই বিশ্বত নিজৰ অধিকাৰ বজাই ৰাখিবলৈ এক লেতেৰা, ভয়ংকৰ ৰক্তাক্ত খেল খেলিছে।”
ইউক্ৰেইনৰ বিৰুদ্ধে চলোৱা সামৰিক অভিযানৰ পাছতো ভাৰতে ৰাষ্ট্ৰসংঘত ৰাছিয়াৰ বিৰুদ্ধে কেতিয়াও ভোট দিয়া নাই সেয়া এক সত্য। অক্টোবৰৰ দ্বিতীয় সপ্তাহত ভাৰতে পুনৰ ৰাছিয়া বিৰোধী প্ৰস্তাৱক লৈ ভোটদানৰ পৰা বিৰত থকা দেখা গৈছিল। আৰু তাৰ পিছত মোদীয়ে পুটিনক প্ৰণাম কৰে।