নিউজ ডেস্ক, ২৯ অক্টোবৰঃ সাংস্কৃতিক সাংবাদিক সন্থা, অসম আৰু চলচ্চিত্ৰ সমাজ, অসম’ৰ উদ্যোগত সদ্যপ্ৰয়াত চিৰসেউজ শিল্পী নিপন গোস্বামীৰ আদ্যশ্ৰাদ্ধৰ দিনা প্ৰকাশ কৰিবলগীয়া এখন স্মৃতিগ্ৰন্থৰ বাবে লেখা আহ্বান কৰা হৈছে । তিনিদিনৰ ভিতৰত ডিটিপি (পেজমেকাৰ, পিডিএফ, জেপিজি অথবা ইউনিকোড) কৰি যথাসম্ভৱ চুটিকৈ লেখাসমূহ ই-মেইল অথবা হোৱাটচআপত দিবলৈ অনুৰোধ কৰিছে উদ্যোক্তাসকলে। ইতিমধ্যে কাকতত ওলোৱা লেখাও প্ৰেৰণ কৰিব পাৰিব। লগতে এই স্মৃতিগ্ৰন্থখন সম্পৰ্কত আৰু কিবা পৰামৰ্শ থাকিলে সকলোকে দিবলৈ অনুৰোধ জনাইছে। srihemantas@gmail.com, pranjal.macons@gmail.com আৰু হোৱাটছএপ নম্বৰ- 8638105738, 91014 70192, 70025 08047 ত লেখাসমূহ অহা ১ নৱেম্বৰৰ ভিতৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছে।