নিউজ ডেস্ক, ২৯ অক্টোবৰঃ পৰ্যটকৰ ৰূপত ৰাজ্যৰ বিভিন্ন ঠাইত ধৰ্ম প্ৰচাৰ কৰিবলৈ অহা সাত জন জার্মান পর্যটকক শুকুৰবাৰে আৰক্ষীয়ে কাজিৰঙাৰ এখন ব্যক্তিগত পৰ্যটন নিৱাসৰ পৰা আটক কৰে। উল্লেখযোগ্য যে অসম আৰক্ষীয়ে মাত্র ৪৮ ঘণ্টাৰ ভিতৰত পৰ্যটকৰ ৰূপত ধৰ্ম প্ৰচাৰ কৰিবলৈ অসমলৈ অহা ১০ জনকৈ বিদেশী নাগৰিকক আটক কৰিবলৈ সক্ষম হৈছে। নামৰূপৰ চাহ বাগিচাত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰিবলৈ অহা তিনিজন ছুইডেনৰ নাগৰিকক আটক কৰাৰ পাছত শুকুৰবাৰে কাজিৰঙাত আৰু সাতজন জাৰ্মানী পৰ্যটকৰূপী ধৰ্ম প্ৰচাৰকক আটক কৰে।
পৰ্যটক কেইজনৰ লগতে মুকুট বড্ৰা নামৰ ঝাৰখণ্ডৰ এজন লোককো আৰক্ষীয়ে আটক কৰে। আনহাতে ভিছাৰ নীতি-নিয়ম ভংগ কৰিলে তেনে অপৰাধত ৫০০ ডলাৰ জৰিমনা বিহাৰ নিয়ম আছে৷ সেয়ে পৰ্যটক কেইগৰাকীয়ে ৫০০ ডলাৰ আদায় দিলে তেওঁ লোকক ভাৰত এৰি যাবৰ বাবে নির্দেশ দিয়া হ’ব বুলি সদৰি কৰে আৰক্ষীয়ে।