আজি পঞ্চভূতত বিলীন হ’ব চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ নশ্বৰ দেহ

নিউজ ডেস্ক, ২৯ অক্টোবৰঃ আজি পঞ্চভূতত বিলীন হ’ব চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ নশ্বৰ দেহ। বিয়লি ২ বজাত ৰাজ্যিক মৰ্যাদাৰে নৱগ্ৰহ শ্মশানত শেষ বিদায় জনোৱা হ’ব প্ৰখ্যাত চিত্ৰশিল্পী গৰাকীক।

নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ’ব নীলপৱন বৰুৱাৰ। শুকুৰবাৰে নিশাটো বেলতলাৰ বাসগৃহত ৰখা হয় চিত্ৰশিল্পীগৰাকীৰ নশ্বৰ দেহ। অসংখ্য গুণমুগ্ধই বাসগৃহত নীলপৱন বৰুৱালৈ জনালে শেষ শ্ৰদ্ধা।

শুকুৰবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছিল নীলপৱন বৰুৱাই। বিয়লি ৩.১৫ বজাত অন্তিম নিশ্বাস ত্যাগ কৰিছিল বৰুৱাই। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৬ বছৰ।

ArtistAssamDaily time axomDeathGuwahatiIndiaNilpaban Baruah