Daily Time Axom

আজি ১১ টা বিভাগত ৬৫৫ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিব ৰাজ্য চৰকাৰে

42

নিউজ ডেস্ক, ২৯ অক্টোবৰঃ অসম চৰকাৰৰ এক লাখ নিযুক্তি প্ৰদানৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ আজি বিতৰণ কৰিব নিযুক্তি পত্ৰ। ৰাজ্য চৰকাৰে মুঠ ৬৫৫ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰিব। অসম চৰকাৰে আয়োজন কৰা এক নিযুক্তি সমাৰোহ অনুষ্ঠানৰ যোগেদি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কলাক্ষেত্ৰত বিতৰণ কৰিব এই নিযুক্তি পত্ৰসমূহ।

আজি গুৱাহাটীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত দিনৰ ১২ বাজি ৩০ বজাত মুখ্যমন্ত্ৰী নিযুক্তি সমাৰোহ অনুষ্ঠানত বিতৰণ কৰিব চৰকাৰী বিভাগত নৱনিৰ্বাচিত হোৱা প্ৰাৰ্থীসকলক।

Comments are closed, but trackbacks and pingbacks are open.