এলেন মাস্কে ৭৫ শতাংশ কৰ্মচাৰীক টুইটাৰৰ চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলৈ ওলাইছে

টুইটাৰৰ নতুন মালিক এলেন মাস্কে ৭৫ শতাংশ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলৈ ওলাইছে। লগতে শ্ৰমিকসকলৰ নামৰ তালিকা এখন প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে। ইফালে, মুখ্য কাৰ্যবাহী বিষয়া পৰাগ আগৰৱালা আৰু মুখ্য বিত্তীয় বিষয়াক ‘মুখ্য টুইট’ৰ দ্বাৰা চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে।

টেছলাৰ মালিক বিলিয়নাৰ ইলন মাস্কে ৪৪ বিলিয়ন মাৰ্কিন ডলাৰ বা ৪ হাজাৰ ৪ বিলিয়নত ক্ৰয় কৰিছে মাইক্ৰ’ ব্লগিং চাইট টুইটাৰ। তেওঁ মালিক হ’লে বহু টুইটাৰ কৰ্মীয়ে চাকৰি হেৰুৱাব বুলি আশংকা কৰা হৈছিল। ইতিমধ্যে মাস্কে কোম্পানীটোৰ পৰিচালকসকলক “অতিৰিক্ত” কৰ্মচাৰীৰ নামৰ তালিকা এখন বনাবলৈ নিৰ্দেশ দিছে। মাস্কৰ কোম্পানীয়ে ১ নৱেম্বৰৰ পূৰ্বে হাতত চাকৰিৰ পৰা বৰ্খাস্ত পত্ৰ লাভ কৰিব পাৰিব। যাৰ ফলত সেই শ্ৰমিকসকলে বৃহৎ আৰ্থিক লোকচানৰ সন্মুখীন হ’ব পাৰে।

পৰাগ আগৰৱালাকে ধৰি কেইবাজনো কাৰ্যবাহীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ’লেও তেওঁলোকে প্ৰায় ১০০ কোটি টকাৰ ক্ষতিপূৰণ লাভ কৰিছিল। সংস্থাটোৰ নিয়ম অনুসৰি বহু শ্ৰমিকে ১ নৱেম্বৰত ক্ষতিপূৰণৰ বাবে দৰমহাৰ এটা অংশ অৰ্থাৎ বৃহৎ কিস্তি লাভ কৰাৰ কথা।

বৰ্তমান সংস্থাটোত কৰ্মচাৰীৰ সংখ্যা ৭৫০০।

ইফালে, “মানৱতাৰ” স্বাৰ্থত টুইটাৰ ক্ৰয় কৰাৰ পিছত মাস্কৰ সম্পত্তি বহু পৰিমাণে হ্ৰাস পাইছে। ব্লুমবাৰ্গৰ হিচাপ অনুসৰি কোটিপতিগৰাকীৰ সম্পত্তি ১০ বিলিয়ন ডলাৰ হ্ৰাস পাইছে। দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তত অৱশেষত বৃহস্পতিবাৰে টুইটাৰ ক্ৰয় কৰিলে ইলন মাস্কে। তেওঁ কয় যে টুইটাৰ ক্ৰয় কৰাৰ কাৰণ সম্পত্তিৰ স্বাৰ্থত নহয়। মানৱতাৰ স্বাৰ্থত তেওঁ কিনিছিল এই ছ’চিয়েল মিডিয়া প্লেটফৰ্ম। ২৪ ঘণ্টাৰ ভিতৰতে মাস্কে টুইটাৰ কৰ্মীসকলক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে।

AssamDaily time axomGuwahatiIndiaInternationalNew Delhi
Comments (0)
Add Comment