নলবাৰীত হেমা মালিনী ! নলবাৰীৰ হৰি মন্দিৰত ৰাস মহোৎসৱক লৈ ব্যাপক আয়োজন!

ক’ভিড অতিমাৰীৰ বাবে যোৱা দুটা বছৰে বন্ধ হৈ থকা ৰাস মহোৎসৱ অনুষ্ঠিত কৰিবলৈ ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই নলবাৰী জিলা হৰি মন্দিৰ সমিতিয়ে এইবাৰ ব্যাপক আয়োজন কৰিছে ৰাস মহোৎসৱৰ। সমিতিৰ ফালৰ পৰা ২০০ ৰো অধিক শিল্পী-কৰ্মচাৰী নিয়োজিত কৰাৰ লগতে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ পৰাও প্রায় ৩০০ গৰাকী কৰ্মী নিয়োজিত কৰা বুলি জনাইছে নলবাৰী হৰি মন্দিৰ সমিতিৰ সাধাৰণ সম্পাদক নগেন ডেকাই। অহা ৬ তাৰিখৰ আগতে সম্পূৰ্ণ হ’ব ৰাস মহোৎসৱৰ প্ৰস্তুতি। কিয়নো অহা ৭ তাৰিখৰ পৰা উদ্বোধন হ’ব ৰাস মহোৎসৱৰ। এইবাৰ ৰাস মহোৎসৱৰ পৰিসৰ যথেষ্ট বৃদ্ধি পাব। হাইৱেৰ কাষৰ গণেশ মন্দিৰৰ পৰা চ’ক বজাৰলৈকে, পাগলাদিয়াৰ কাষৰ পৰা গৰ্ডন স্কুললৈকে ৰাস মহোৎসৱৰ পৰিসৰ বিস্তৃত হ’ব। বিভিন্ন ঠাইত প্ৰতিমা সজোৱাৰ লগতে বিভিন্ন প্ৰকাৰৰ দোকানো থাকিব। নামনি অসমৰ মৃণ্ময় মূৰ্তিপ্ৰধান ৰাসৰ লগতে সমাহাৰ ঘটিব উজনিৰ জীৱন্ত ৰাসৰ! অহা ১১ আগষ্টত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে গুজৰাটৰ দ্বাৰকৰ পৰাও দাণ্ডী ৰাস তথা জীৱন্ত ৰাস দেখুৱাবলৈ দুটা দল অহাৰ কথা অৱগত কৰে নলবাৰী হৰি মন্দিৰ সমিতিৰ সাধাৰণ সম্পাদক নগেন ডেকাই। বৃন্দাবন মথুৰা, মাজুলী নগাঁৱৰ পৰাও জীৱন্ত ৰাস দেখুৱাবলৈ দল অহাৰ লগতে কৃষ্ণ সংস্কৃতিৰ ৰাজ্য চুবুৰীয়া মণিপুৰৰ পৰাও আহিব জীৱন্ত ৰাস প্ৰদৰ্শন কৰিবলৈ। ৰাস মহোৎসৱৰ সভাপতি তথা অসম চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পৰা জনোৱা অনুসৰি নগেন ডেকাই জনোৱা মতে ড্ৰিম গাৰ্ল খ্যাত বলিউডৰ মোহময়ী অভিনেত্ৰী হেমা মালিনীও ১১ পৰা ১৪ তাৰিখৰ ভিতৰত আহিব! ১৪ তাৰিখৰ পৰা ১৯ তাৰিখলৈ ৭ খন প্ৰথম শ্ৰেণীৰ থিয়েটাৰৰ দুটাকৈ দৰ্শনী চলি থাকিব। প্ৰতি নিশা ১১ বজাৰ পিছত বাচকবনীয়া অভিনৱ যাত্ৰা দল চলি থাকিব। আনহাতে,অসম চৰকাৰৰ ফালৰ পৰা কৰা হ’ব কম মূল্যত গ্ৰন্থমেলাৰ আয়োজন। শিশুসকলৰ প্ৰতিভা বিকাশৰ বাবে চিত্ৰাংকন, কবিতা আবৃত্তি, গল্প আদিৰ প্ৰতিযোগিতাও অনুষ্ঠিত হ’ব এইবাৰৰ ৰাস মহোৎসৱত। মুঠতে এতিয়া ৰাসক লৈ নলবাৰীত ভীষণ ব্যস্ততা।

AssamDaily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment