নিউজ ডেস্ক, ৩০ অক্টোবৰঃ এটা ক’লা দিন! আজি অভিশপ্ত ৩০ অক্টোবৰ। অভিশপ্ত দিনটোৰ সম্পূৰ্ণ হ’ল ১৪টা বছৰ। ২০০৮ চনৰ ৩০ অক্টোবৰৰ দিনটোত সন্ত্ৰাসবাদীৰ ধাৰাবাহিক বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল অৰ্ধশতাধিকে।
সন্ত্ৰাসবাদীৰ ধাৰাবাহিক বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল অৰ্ধশতাধিকে৷ গণেশগুৰি, পাণবজাৰ, কাছাৰীত সংঘটিত হৈছিল বিস্ফোৰণ৷ একেসময়তে বঙাইগাঁও, বৰপেটা, কোকৰাঝাৰতো হৈছিল বিস্ফোৰণ৷ থান-বান হৈছিল বহু পৰিয়ালৰ সপোন, কিন্তু আজিও ন্যায় নাপালে নিহত-আহতৰ পৰিয়ালে৷