নিউজ ডেস্ক, ৩০ অক্টোবৰঃ মোহিত্ৰী সন্দিকৈ আইতাই লিখা “মৰুভূমিত এপাহি পদুম”শীর্ষক গ্ৰন্থখনি শনিবাৰে বালিঘাটস্থিত আশ্ৰয়ৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে উন্মোচন কৰে। পূৰণ হল আইতাৰ সপোন ,
৮৫ বছৰীয়া আইতাই উন্মোচন কৰিলে নিজৰ গ্ৰন্থ আৰু মুখ্যমন্ত্ৰীয়ে ছপা কৰি দিলে এই গ্ৰন্থখন ।
চৰাইদেউ জিলাৰ সাপেখাটিৰ বাসিন্দা মোহিত্ৰী সন্দিকৈ যোৱা ২০ বছৰ ধৰি ভাৰাতীয়া হিচাপে আছে নাজিৰাৰ শিমলুগুৰিত। পাঁচজন পুত্ৰৰ ভিতৰত বিশেষভাবে সক্ষম সৰু পুত্ৰৰ সৈতে বহু কষ্টেৰে আছে ভাৰাঘৰত ৷ এগৰাকী খেলুৱৈ হিচাপে অসমৰ হৈ জেষ্ঠ শিতানত খোজকঢ়া প্ৰতিযোগিতাত পদক লাভ কৰাৰ সমান্তৰালভাৱে কিতাপ লিখি গৈছে এই বয়সত ৷
ধনৰ অসুবিধাৰ বাবে কিতাপ ছপা কৰিব নোৱাৰি যোৱাবছৰ নিৰ্বাচনী সভাত নাজিৰাত মুখ্যমন্ত্ৰীক লগ পাই কিতাপ ছপা কৰিবলৈ পাণ্ডুলিপি দিয়ে মুখ্যমন্ত্ৰীক ৷ সেই অনুৰোধৰ প্ৰতি সহাৰি জনাই মুখ্যমন্ত্ৰীয়ে নিজ উদ্যোগত ছপা কৰি দিয়া গ্ৰন্থখন শনিবাৰে নাজিৰাৰ আশ্ৰয়ৰ কাৰ্যালয়ত উন্মোচন কৰে ৮৫ বয়সীয়া তৃতীয় শ্ৰেণীলৈকে পঢ়া আইতাগৰাকীয়ে ৷