Daily Time Axom

আইজলৰ টুইৰিয়ালত ভয়ংকৰ অগ্নিকাণ্ড,৪জন লোক নিহত ,গুৰুতৰভাৱ আঘাতপ্ৰাপ্ত ১৮ জন

34

নিউজ ডেস্ক, ৩০ অক্টোবৰঃ আইজলৰ টুইৰিয়ালত ভয়ংকৰ অগ্নিকাণ্ড৷ পেট্ৰ’ল কঢ়িওৱা এখন টেংকাৰত জুই৷ মিজোৰামৰ ৰাজধানী আইজলত এখন পেট্ৰ’ল টেংকাৰত হোৱা জুইৰ বিস্ফোৰণৰ ফলত চাৰিজন লোক নিহত হোৱাৰ লগতে ১৮ জন লোক গুৰুতৰভাৱ আঘাতপ্ৰাপ্ত হয়।

খবৰ অনুসৰি, টেংকাৰখন চম্পাই অভিমুখে গৈ আছিল। ঘটনা সংঘটিত হোৱাৰ পিছতে আহত লোককেইজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ঘটনাটোত এখন টেক্সি আৰু দুখন ২চকীয়া বাহনৰো ক্ষতিসাধন হয়।

উল্লেযোগ্য যে, বিস্ফোৰণৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Comments are closed, but trackbacks and pingbacks are open.