দক্ষিণ কোৰিয়াৰ হেলোইন পাৰ্টীত অঘটন, পদপিষ্ট হৈ ১৪৯জন লোকৰ মৃত্যু

নিউজ ডেস্ক, ৩০ অক্টোবৰঃ দক্ষিণ কোৰিয়াত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। এক অনুষ্ঠানত পদপিষ্ট হৈ ১৫০ লোকৰ মৃত্যু হোৱাৰ লগতে অসুস্থ হৈ পৰে শতাধিক লোক। মৃতসকলৰ মাজৰ দুজন আৰু আহতসকলৰ ভিতৰত ১৫ জন বিদেশী। ছিউলৰ হেলোইন পাৰ্টীত এই ঘটনা। অত্যধিক জনসমাৱেশৰ বাবে হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু।

ক’ভিড প্ৰতিবন্ধকতা আঁতৰাৰ পাছত আয়োজন কৰা হৈছিল এই অনুষ্ঠানৰ৷ সমবেত হৈছিল প্ৰায় ১ লাখৰো অধিক লোক৷ স্বাভাৱিক সমাৱেশতকৈ প্ৰায় ১০ গুণ বেছি লোকৰ জনসমাৱেশ ঘটিছিল৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বিডেন আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনাকে টুইটযোগে জনাইছে সমবেদনা৷ দেশখনৰ ৰাষ্ট্ৰপতি য়ুন চুক-ইয়োলে ঘটনাৰ ক্ষিপ্ৰ তদন্তৰ নিৰ্দেশ দিছে৷

Daily time axomDeathHalloweenInjuredInternationalSouth Korea