Daily Time Axom

অসম অৰুণাচল সীমান্তৰ চিজুছাৰ বৰদিকৰাই জলসিঞ্চন প্ৰকল্পত অচিনাক্ত মৃতদেহ উদ্ধাৰ

36

নিউজ ডেস্ক, ৩০ অক্টোবৰঃ অসম অৰুণাচল সীমান্তৰ চিজুছাৰ বৰদিকৰাই জলসিঞ্চন প্ৰকল্পৰ নদীৰ পানীত ওপঙি থকা অৱস্থাত এজন বৃদ্ধ লোকৰ অচিনাক্ত মৃতদেহ উদ্ধাৰ কৰা হয় । আজি পুৱা মৃতদেহটো উদ্ধাৰ হোৱা এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে । পুৱা স্হানীয় লোকে বৰদিকৰাই নদীৰ পানীত এজন বৃদ্ধৰ মৃতদেহ উপঙি থকা প্ৰত্যক্ষ কৰি ইটাখোলা আৰক্ষী চকীৰ আৰক্ষীক ফোনযোগে অৱগত কৰে ৷ ইয়াৰপিছতেই ঘটনাস্থলীত ইটাখোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভাষ্কৰ জ্যোতি শইকীয়াৰ নেতৃত্বত আৰক্ষীৰ দল উপস্থিত হৈ জেচিবিৰ সহায়ৰে অচিনাক্ত মৃতদেহটো উদ্ধাৰ কৰে আৰু মৰনোত্তৰ পৰীক্ষাৰ বাবে বিহালীলৈ প্ৰেৰণৰ কৰে ৷ এই মুহূৰ্তলৈকে মৃতদেহটো চিনাক্তকৰন কৰিব পৰা হোৱা নাই ৷

Comments are closed, but trackbacks and pingbacks are open.