Daily Time Axom

গুজৰাটৰ মোৰবীত দলং খহি ১৪১ জনলৈ বৃদ্ধি পালে মৃতকৰ সংখ্যা

42

নিউজ ডেস্ক, ৩১ অক্টোবৰঃ গুজৰাটৰ মোৰবীত দলং খহি বহু লোকৰ প্ৰাণ হানি। ১৪১ জনলৈ বৃদ্ধি পালে মৃতকৰ সংখ্যা। মৃতকৰ ভিতৰত আছে শিশু, মহিলা, বয়োজ্যেষ্ঠ লোক। অব্যাহত আছে উদ্ধাৰ অভিযান। ১৭৭ জন লোকক উদ্ধাৰ কৰিছে অভিযানকাৰী দলে। মাচ্চু নদীৰ ওপৰত নতুনকৈ নিৰ্মাণ কৰা হৈছিল ব্ৰীজখন। দলংখনত দুৰ্ঘটনাৰ সময়ত আছিল ৫ শতাধিক লোক।

ষট পূজা চলি থকাৰ সময়তে সংঘটিত হৈছে এই ঘটনা। ঘটনাৰ তদন্তৰ দাবী জনাইছে AAP, কংগ্ৰেছ দলে। দলংখনৰ নিৰ্মাণ বিসংগতি সন্দৰ্ভত তদন্তৰ দাবী বিৰোধী দলৰ। ঘটনা সন্দৰ্ভত গুজৰাটৰ মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ।

মৃতকৰ পৰিয়াললৈ আৰ্থিক সাহাৰ্য্য ঘোষণা ভূপেন্দ্ৰ পেটেলৰ। প্ৰতিগৰাকী মৃতকৰ পৰিয়াললৈ ৪ লাখকৈ প্ৰদানৰ ঘোষণা কৰা হৈছে। আহতসকলক ৫০ হাজাৰ টকাকৈ প্ৰদান কৰাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। ঘটনাস্থলীত উপস্থিত হৈছে ভাৰতীয় নৌ বাহিনীৰ ৪০ জনীয়া উদ্ধাৰকাৰী দল। ৪০ জনীয়া চিকিৎসকৰ এটা দলো উপস্থিত হৈছে ঘটনাস্থলীত। ঘটনাৰ পাছতে গুজৰাটত প্ৰধানমন্ত্ৰীৰ ৰোডশ্ব’ বাতিল কৰিছে।

Comments are closed, but trackbacks and pingbacks are open.