Daily Time Axom

আজি উচ্চতম ন্যায়ালয়ত CAA গোচৰৰ শুনানি

40

নিউজ ডেস্ক, ৩১ অক্টোবৰঃ আজি উচ্চতম ন্যায়ালয়ত CAA গোচৰৰ শুনানি।আজি ‘কা’ আইন সন্দৰ্ভত শুনানি উচ্চতম ন্যায়ালয়ত। মুখ্য ন্যায়াধীশ উদয় উমেশ ললিতৰ আদালতত শুনানি।

CAA সন্দৰ্ভত দাখিল কৰা ২৩২খন আবেদনৰ শুনানি গ্ৰহণ কৰিব ৩জনীয়া বিচাৰপীঠে । CAAক প্ৰত্যাহ্বান জনাই আবেদন তৰিছিল দল-সংগঠনে। অসম সন্মিলিত মহাসংঘ, AJYCPকে ধৰি দল-সংগঠনে জনাইছিল আবেদন। শুনানিৰ সময়ত উপস্থিত থাকিব দল-সংগঠনৰ নেতৃবৃন্দ। ইতিমধ্যে দিল্লীত উপস্থিত হৈছে AJYCPৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱা, সাঃ সম্পাদক পলাশ চাংমাই।

Comments are closed, but trackbacks and pingbacks are open.