নিউজ ডেস্ক, ৩১ অক্টোবৰঃ আজি ৰাষ্ট্ৰীয় একতা দিৱস । ভাৰতৰ লৌহ মানৱ খ্যাত চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মবাৰ্ষিকী উপলক্ষে প্ৰতিবছৰে অক্টোবৰ মাহৰ ৩১ তাৰিখটো ৰাষ্ট্ৰীয় একতা দিৱস ৰূপে উদযাপন কৰা হৈ আহিছে ভাৰতবৰ্ষত । প্ৰয়াত চৰ্দাৰ বল্লভভাই পেটেল হৈছে দেশৰ প্ৰথম গৰাকী উপ-প্ৰধান মন্ত্ৰী তথা প্ৰথম গৰাকী কেন্দ্ৰীয় গৃহ মন্ত্ৰী । ১৯৪৭ চনৰ পৰা ১৯৫০ চনলৈ গৃহ মন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰা পেটেল আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা । যি দেশৰ স্বাধীনতা আন্দোলনত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ ওপৰিও দেশৰ একতা আৰু সংহতি ৰক্ষাৰ বাবেও যথেষ্ট অৱদান আগবঢ়াইছিল । যাৰ বাবেই নেতা গৰাকীৰ জন্মদিনটো সমগ্ৰ দেশে একতা আৰু সংহতিৰ বাবে ৰাষ্ট্ৰীয় একতা দিৱস ৰূপে পালন কৰি আহিছে ।
আন্দোলনৰ সময়ত দেশৰ প্ৰায় প্ৰত্যেক খন প্ৰদেশকেই ব্ৰিটিছৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ’বলৈ সন্মত কৰোৱাৰ বাবেই এই মহান নেতা গৰাকীয়ে লাভ কৰিছিল দেশৰ ‘লৌহ-পুৰুষ’ অথবা ‘লৌহ-মানৱ’ৰ খ্যাতি । আৰু এই গৰাকী নেতাৰ জন্মদিনটোতেই পালন কৰি অহা হৈছে ৰাষ্ট্ৰীয় একতা দিৱস ।