নিউজ ডেস্ক, ১ নৱেম্বৰঃ মহানগৰীৰ আদাবাৰীত অঘটন। ফুট অভাৰব্ৰীজৰ লিফ্টত আবদ্ধ হৈ পৰিল এটি ১১ বছৰীয়া শিশু। এই ঘটনা প্ৰত্যক্ষ কৰাৰ পিছতেই স্থানীয় লোকে খবৰ দিয়ে আৰক্ষী আৰু জৰুৰীকালীন সেৱাৰ লোকক। প্ৰায় আধা ঘণ্টাৰ প্ৰচেষ্টাৰ অন্তত উদ্ধাৰ কৰা হয় শিশুটি।
ইফালে, ব্ৰীজখনৰ বাবে প্ৰয়োজনীয় প্ৰতিদিনৰ চোৱাচিতাৰ প্ৰতি থকা উদাসীনতাৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ।