আজিৰে পৰা গুৱাহাটীৰ চিটি বাছত কাৰ্যককৰী কৰা হৈছে ই-টিকেটিঙৰ ব্যৱস্থা

নিউজ ডেস্ক, ১ নৱেম্বৰঃ আজিৰে পৰা গুৱাহাটীৰ চিটি বাছত ই-টিকেটিঙৰ ব্যৱস্থা,ইতিপূৰ্বে নিৰ্দেশনা জাৰি কৰিছিল পৰিবহন বিভাগে।

যাত্ৰীসকলে এতিয়াৰ পৰা লাভ কৰিব ই–টিকট। এক জাননীযোগে এই কথা জিলা পৰিবহণ বিষয়া আৰু কামৰূপ (মেট্ৰ)ৰ আঞ্চলিক পৰিবহণ কৰ্তৃপক্ষ সচিবে সকলো চিটিবাছ মালিকক জনায়। এই জাননীযোগে চিটিবাছ মালিকক ভ্ৰমণকাৰী যাত্ৰীসকলক ই-টিকট প্ৰদান কৰিবলৈ সকলো চিটি বাছত ই-টিকেটিং মেচিন অধিগ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

শুকুৰবাৰে আৰটিএ চিটি বাছৰ ভাড়া বৃদ্ধি কৰাৰ কথা ঘোষণা কৰাৰ লগতে ভ্ৰমণকাৰী যাত্ৰীৰ পৰা ভাড়া সংগ্ৰহ কৰিবলৈ ই-টিকেটিং মেচিন ব্যৱহাৰৰ অনুমোদন জনাইছে। বাছৰ লোকে যাত্ৰীসকলক ই–টিকট দিয়াটো বাধ্যতামূলক কৰা হৈছে। সকলো চিটি বাছৰ মালিক আৰু সংগঠনক ১ নৱেম্বৰ ২০২২ৰ পৰা ই-টিকট জাৰী কৰা আৰু ভ্ৰমণকাৰী যাত্ৰীৰ পৰা ভাড়া সংগ্ৰহ কৰাৰ বাবে ই-টিকেটিং মেচিন ব্যৱহাৰ কৰিবলৈ বাধ্যতামূলক বুলি জনোৱা হৈছে। ইয়াৰোপৰি ই-টিকেটিং অবিহনে চিটিবাছবোৰ চলাবলৈ অনুমতি দিয়া নহ’ব বুলিও উল্লেখ আছে উক্ত জাননীত।

AssamCity BusDaily time axomE-ticketGuwahatiIndia