নিউজ ডেস্ক, ১ নৱেম্বৰঃ আজিৰ পৰা কংগ্ৰেছৰ অসমত ভাৰত জোড়ো যাত্রা। ধুবুৰীৰ পৰা ৭০দিনত ৮৩৪কিলোমিটাৰ খোজ কাঢ়িব।
দিনৰ ১১ বজাত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই এই যাত্ৰাৰ উদ্বোধন কৰি দিনটোৰ প্ৰথম কাৰ্যসূচীৰূপে অনুষ্ঠিত সভাত ৰাইজক উদ্দেশ্যি বক্তব্য প্ৰদান কৰিব । পৰৱৰ্তী সময়ত দিনৰ ১ বজাত আৰম্ভ কৰা হ’ব পদযাত্ৰা । এই পদযাত্ৰাৰো নেতৃত্বত থাকিব সভাপতি ভূপেন বৰা ।