Daily Time Axom

গুৱাহাটী ৰে’ল ষ্টেচনত সোণ জব্দ, ৰে’ল আৰক্ষীয়ে জব্দ কৰিছে ৬ টাকৈ সোণৰ বিস্কুট

28

নিউজ ডেস্ক, ১ নৱেম্বৰঃ গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ কৰা হৈছে ৬ খন সোণৰ বিস্কুট। মঙলবাৰে পুৱাৰ ভাগত ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ কৰা হয় এই সোণৰ বিস্কুট। ডিমাপুৰৰ পৰা বিহাৰলৈ বুলি লৈ গৈ থকা অৱস্থাত গোপন সূত্ৰৰ পম খেদি ৬ খনকৈ সোণৰ বিস্কুট জব্দ কৰিবলৈ সক্ষম হয় ৰে’ল আৰক্ষীয়ে।

ইয়াৰপিছতেই ৰে’ল আৰক্ষীয়ে আটক কৰে সোণৰ বিস্কুট সৰবৰাহকাৰী এজন লোকক। আটকাধীন লোকজন বিহাৰৰ বুলি জানিব পৰা গৈছে। লোকজনক আটক কৰি তদন্ত আৰম্ভ কৰিছে ৰে’ল আৰক্ষীয়ে।

Comments are closed, but trackbacks and pingbacks are open.