সুখবৰ: আজিৰে পৰা হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

নিউজ ডেস্ক, ১ নৱেম্বৰঃ দেশবাসীলৈ সামান্য সকাহ ৷ প্ৰতিলিটাৰ পেট্ৰ’ল-ডিজেলত ৪০ পইচাকৈ দাম হ্ৰাস ৷

এই নতুন মূল্য আজি পুৱা ৬ বজাৰ পৰা কাৰ্যকৰী হ’ব। বিগত ৭ মাহৰ ভিতৰত প্ৰথমবাৰৰ বাবে হ্ৰাস পাইছে খাৰুৱা তেলৰ মূল্য।

নতুন দিল্লীত সোমবাৰে পেট্ৰ’লৰ মূল্য আছিল 96.72 টকা, আনহাতে মুম্বাইত আছিল 106.31 টকা। কলকাতাবাসীয়ে পেট্ৰ’লৰ বাবে ১০৬.০৩ টকা পৰিশোধ কৰিছিল আনহাতে চেন্নাইৰ বাসিন্দাসকলে ইয়াৰ বাবে ১০২.৬৩ টকা পৰিশোধ কৰিছিল।

আন্তৰ্জাতিক খাৰুৱা তেলৰ মূল্য হ্ৰাস হোৱাৰ বাবে মূল্য হ্ৰাস হোৱাৰ সম্ভাৱনা আছিল আৰু বিগত কিছু সময়ৰ পৰা মূল্য় স্থিৰ হৈ আছিল। খাৰুৱা তেলৰ মূল্য কিছু সময়ৰ পৰা প্ৰতি বেৰেলত ৯৫ ডলাৰৰ তলত আছে।

AssamDaily time axomDieselIndiaNew DelhiPetrolPrice Down