পুৱতি নিশা পুনেত ভয়ংকৰ অগ্নিকাণ্ড

নিউজ ডেস্ক, ১ নৱেম্বৰঃ পুৱতি নিশা পুনেত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। এই ঘটনা পুনেৰ লুল্লানগৰৰ জে কে হোটেলত সংঘটিত হয়। এই ভয়ংকৰ অগ্নিকাণ্ডৰ ফটো আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

স্থানীয় সূত্ৰ অনুসৰি, হোটেলখনৰ চতুৰ্থ মহলাত এই অগ্নিকাণ্ড সংঘটিত হয়। ঘটনাৰ খবৰ পোৱাৰ পিছত ফায়াৰ ব্ৰিগেড ঘটনাস্থলীত উপস্থিত হয়।

অৱশ্যে, পুৱা ঘটনাটো কেনেকৈ সংঘটিত হৈছিল সেয়া এতিয়াও জানিব পৰা নাই।এই ঘটনাত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা পোৱা নাই।

Daily time axomfireIndiaMaharashtraPune