হ্ৰাস পালে বাণিজ্যিক চিলিণ্ডাৰৰ দাম, প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত ১১৫.৫০ টকা হ্ৰাস

নিউজ ডেস্ক, ১ নৱেম্বৰঃ পুনৰ সাধৰণ জনতাক আন এক সকাহ৷ পেট্ৰ’ল-ডিজেলৰ পাছত হ্ৰাস পালে বাণিজ্যিক চিলিণ্ডাৰৰ দাম৷ প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত ১১৫.৫০ টকা হ্ৰাস৷ ১৯ কেজিৰ প্ৰতিটো চিলিণ্ডাৰৰ দাম দিল্লীত হ’বগৈ ১,৭৪৪ টকা৷ আজিৰে পৰা কাৰ্যকৰী হ’ব এই দাম৷ ঘৰুৱাভাৱে ব্যৱহৃত চিলিণ্ডাৰৰ ক্ষেত্ৰত অব্যাহত থাকিব পূৰ্বৰ দাম৷

পূৰ্বৰ নিৰিখতে ৰখা হৈছে ঘৰুৱা চিলিণ্ডাৰৰ মূল্য। উল্লেখ্য যে, ৬ জুলাইৰ পৰা স্থিৰ হৈ আছে ঘৰুৱা চিলিণ্ডাৰৰ মূল্য।

AssamDaily time axomGuwahatiIndiaLPGLPG CylinderNew DelhiPrice Down