Daily Time Axom

ডিব্ৰুগড়ত গুলিচালনাৰ ঘটনা, আহত সিদ্ধাৰ্থ ৰাজখোৱা নামৰ লোকজন

34

নিউজ ডেস্ক, ১ নৱেম্বৰঃ ডিব্ৰুগড়ত চাঞ্চল্যকৰ ঘটনা। ডিব্ৰুগড় চহৰৰ লালুকাত সোমবাৰে সন্ধিয়া দুৰ্বৃত্তৰ গুলীচালনা।

এজন ব্যক্তিলৈ লক্ষ্য কৰি গুলীচালনা কৰে দুৰ্বৃত্তই। লালুকাৰ এখন টায়াৰ দোকানৰ সন্মুখত নিচেই কাষৰ পৰা লোকজনলৈ লক্ষ্য কৰি গুলীচালনা কৰে দুৰ্বৃত্তই। গুলীচালনাত পথৰ কাষতে ঢলি পৰে লোকজন। লোকজনৰ নাম সিদ্ধাৰ্থ ৰাজখোৱা। বাইকত আহিছিল দুই দুৰ্বৃত্ত।

এই ঘটনা সন্দৰ্ভত দুজন লোকক আটক কৰা হৈছে বুলি জানিব পৰা গৈছে।

Comments are closed, but trackbacks and pingbacks are open.