নিউজ ডেস্ক,২ নৱেম্বৰ: ১৯৯৪ চনত মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছিল ঐশ্বৰ্য ৰায়ে। এক সাক্ষাৎকাৰত সুস্মিতা সেনে কয় যে ঐশ্বৰ্যৰ বাবেই তেওঁ মিছ ইণ্ডিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ভয় কৰিছিল। অৱশ্যে মিছ ৱৰ্ল্ডৰ মঞ্চৰ পৰাই আৰম্ভ হৈছিল তাইৰ বিজয়ী যাত্ৰা। সেই যাত্ৰা ২৮ বছৰ ধৰি চলি থাকিল। ‘হম দিল দে চুকে সনাম’, ‘যোধা আকবৰ’, ‘গুৰু’ৰ পৰা আৰম্ভ কৰি ‘ইৰুভাৰ’, ‘পনিয়ন চেলভান’ ঐশ্বৰ্যৰ ছুপাৰহিট ছবি।
শেহতীয়াকৈ তেওঁৰ ছবি ‘পনিয়ন চেলভান’ই বক্স অফিচত সফল ব্যৱসায় কৰিছে। কেৱল বলীউডতে নহয় হলিউডতো কেইবাখনো ছবিত অভিনয় কৰিছে। ভাৰত চৰকাৰে তেওঁক ‘পদ্মশ্ৰী’ বঁটা প্ৰদান কৰে। কান চলচ্চিত্ৰ মহোৎসৱত জুৰী হিচাপে দেখা গৈছিল বলীউডৰ অভিনেত্ৰীগৰাকীক।
চিনেমাৰ উপৰিও তেওঁক কেইবাটাও ব্ৰেণ্ডৰ প্ৰিয় মুখ, আৰু বিদেশৰ বিভিন্ন টিভি শ্ব’ত অতিথি হিচাপেও দেখা যায়। মঙলবাৰে ঐশ্বৰ্য ৰায় বচ্চনে ৪৯ বছৰ সম্পূৰ্ণ কৰিলে। জন্মদিনত নায়িকাগৰাকীৰ ব্যক্তিগত সম্পত্তিৰ পৰিমাণ জানি লওঁ আহক?
বলীউড আৰু দক্ষিণৰ ছবি জগতখনৰ অন্যতম ব্যয়বহুল অভিনেত্ৰী ঐশ্বৰ্য ৰায়। প্ৰতিখন ছবিৰ বাবে তেওঁ ১০ কোটি টকা লয়। পনিয়ন চেলভানৰ বাবেও তেওঁৰ মাচুল আছিল ১০ কোটি। ১৯৯২ চনৰ পৰা বহু ব্ৰেণ্ডৰ ব্ৰেণ্ড এম্বেছাদৰ। তেওঁৰ প্ৰথম ব্ৰেণ্ড প্ৰচাৰ আছিল ক্ৰুপা ক্ৰিয়েচনছ, যাৰ বাবে তেওঁৰ মাচুল আছিল মাত্ৰ ১৫০০ টকা। বৰ্তমান তেওঁ চেম্পু, শীতল পানীয়, চাবোনৰ পৰা আৰম্ভ কৰি ঘড়ী, হীৰা গহনালৈকে ১৫টাতকৈও অধিক ব্ৰেণ্ডৰ এম্বেছাদৰ। এদিনীয়া এড শ্বুটৰ বাবে এতিয়া ঐশ্বৰ্যই লয় ৬ কোটি টকা। কেৱল ব্ৰেণ্ড এম্বেছাদৰৰ পৰাই তেওঁৰ বাৰ্ষিক আয় ৮০ৰ পৰা ৯০ কোটি।
অভিষেক বচ্চনৰ সৈতে বিবাহিত ঐশ্বৰ্য মুম্বাইৰ জুহু অঞ্চলৰ জালছা বাংলোত থাকে। অমিতাভ আৰু জয়া বচ্চনৰ এই বাংলোটোৰ বৰ্তমান মূল্য ১০০ কোটি। সেই বাংলোৰ বাহিৰেও অভিষেক আৰু ঐশ্বৰ্যই ডুবাইত ৫৫০০ বৰ্গফুটৰ বাংলো এটা কিনিছিল। সেই বিলাসী বাংলোটোৰ দাম ১৬ কোটি। বান্দ্ৰা কুৰলা কমপ্লেক্সত ২০ কোটি টকা খৰচ কৰি এপাৰ্টমেণ্ট এটাও ক্ৰয় কৰে। ঘৰটোৰ উপৰিও তেওঁৰ ব্যক্তিগত সংগ্ৰহত আছে ৰ’লছ ৰয়ছ গোষ্ট, অ’ডি এটিএল, মাৰ্চিডিজ বেঞ্জ এছ৫০০, মাৰ্চিডিজ বেঞ্জ এছ৩৫০ডি ক’পে, লেক্সাছ এলএক্স৫৭০ আৰু বহুতো। তেওঁৰ গাড়ীৰ মুঠ মূল্য ১৮ কোটি।
Comments are closed, but trackbacks and pingbacks are open.