আপুনি জানেনে ? বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ নিয়োগকৰ্তা হৈছে ভাৰত

নিউজ ডেস্ক, ২ নৱেম্বৰঃ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয় বিশ্বৰ সৰ্ববৃহৎ নিযুক্তি কৰ্তৃপক্ষ হিচাপে প্ৰকাশ পাইছে। শেহতীয়াকৈ জাৰ্মানীৰ এটা ব্যক্তিগত সংস্থাৰ এক সমীক্ষাত এই প্ৰতিবেদন প্ৰকাশ পাইছে।

এইবাৰ জাৰ্মান সংস্থা “Statista” য়ে বিশ্বৰ বিভিন্ন দেশৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ কৰ্মচাৰীৰ সংখ্যাৰ ওপৰত এক সমীক্ষা চলাইছিল। তেওঁলোকৰ প্ৰতিবেদন অনুসৰি বৰ্তমান ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ত ২৯ লাখ ২০ হাজাৰ সামৰিক আৰু অসামৰিক জোৱান নিয়োজিত হৈ আছে।

একে সময়তে আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগত ২৯.১ নিযুত লোকে কাম কৰে। চীনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ত বৰ্তমান ২৫ লাখ কৰ্মচাৰী আছে। কিন্তু চীনে প্ৰতিৰক্ষা খণ্ডৰ চাকৰিত কোনো সাধাৰণ নাগৰিকক নিয়োগ নকৰে।
জাৰ্মানীৰ হামবাৰ্গস্থিত গৱেষণা প্ৰতিষ্ঠানটোৰ তথ্য অনুসৰি বিশ্বৰ সকলো দেশেই প্ৰতিৰক্ষা মন্ত্ৰালয়ত কৰ্মচাৰীৰ সংখ্যা হ্ৰাস কৰি আছে। ভাৰতৰ ক্ষেত্ৰত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ নিযুক্তিৰ বিশেষ পৰিৱৰ্তন হোৱা নাই আৰু একবিংশ শতিকাৰ প্ৰথম দশকত চীনে আমেৰিকাৰ দৰেই প্ৰতিৰক্ষা ব্যৱস্থা ব্যৱহাৰ কৰিছিল। পৰৱৰ্তী সময়ত আমেৰিকাই ক্ৰমান্বয়ে নিযুক্তি হ্ৰাস কৰিলে।

তাৰ পিছতো চীন আৰু আমেৰিকাত সৈন্যৰ সংখ্যা এতিয়াও অতি বেছি। জাৰ্মানীৰ এই অধ্যয়নত দাবী কৰা হৈছে যে অদূৰ ভৱিষ্যতে ভাৰতেও সেই দিশত খোজ দিব পাৰে। নিযুক্তিৰ উপৰিও প্ৰতিৰক্ষা খণ্ডত ব্যয়ৰ বিষয়টোও এই প্ৰতিবেদনত আলোকপাত কৰা হৈছে।

Daily time axomIndiaMinistry of Defence of IndiaNew Delhi